নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ বাবে অষ্ট্রেলিয়াৰ বিজয়োৎসৱ পালনত বিলম্ব !

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : বিশ্বকাপ জয় কৰি ছয় দিন পূর্বে দেশলৈ উভতি গৈছে পেট কামিনছ, ডেভিদ ৱার্নাৰহঁত৷ তথাপি বিশ্বকাপ জয়ৰ উৎসৱ উদযাপন কৰিব পৰা নাই তেওঁলোকে৷ খোলা বাছত চহৰ পৰিক্রমাও কৰিব পৰা নাই৷ আনকি সকলোৱে লগ হৈ পার্টীও কৰিব পৰা নাই৷ ভাৰতৰ বাবেই হেনো তেওঁলোকৰ বিশ্ব জয়ৰ উৎসৱ স্থগিত ৰাখিবলগীয়া হৈছে৷ সাধাৰণতে বিশ্ববিজয়ী দলক লৈ উৎসৱত মিলিত হয় দেশৰ জনসাধাৰণ৷ খেলুৱৈসকলক ট্রফী লৈ খোলা বাছত দেশৰ একাধিক চহৰত পৰিভ্রমণ কৰোৱা হয়৷ কিন্তু ষষ্ঠবাৰ এদিনীয়া বিশ্বকাপ জয় কৰাৰ পিছতো এনে অনুষ্ঠান হোৱা নাই অষ্ট্রেলিয়াত৷ বিশ্বকাপত ৰানার্ছআপ হোৱা ভাৰতৰ বাবেই হেনো তেওঁলোকে উদযাপন কৰিব পৰা নাই বিজয়োৎসৱ৷ দেশখনৰ ক্রিকেট নিয়ামক সংস্থা ক্রিকেট অষ্ট্রেলিয়াই অনুষ্ঠিত কৰিব পৰা নাই সম্বর্ধনা অনুষ্ঠান৷ ইয়াৰ বাবে আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব৷ বিশ্বকাপ শেষ হোৱাৰ চাৰি দিন পিছতে আৰম্ভ হৈছে ভাৰত–অষ্ট্রেলিয়া টি–২০ শৃংখলা৷ বিশ্বকাপৰ ফাইনেলৰ নায়ক ট্রেভিছ হেড, ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল, জ’ছ ইংলিছ, আডাম জাম্পাৰ দৰে বিশ্ববিজয়ী দলৰ সদস্যসকল সেইবাবে দেশলৈ যাব পৰা নাই৷ তেওঁলোক ভাৰততে থকাৰ বাবে উৎসৱ পালন কৰিব পৰা নাই বিশ্বকাপ বিজয়ী দলটোৱে৷ টি–২০ শৃংখলাৰ পিছত মেক্সৱেলহঁত দেশলৈ উভতি গ’লে একেলগে উদযাপন কৰিব বিশ্বজয়ৰ উৎসৱ৷ ৩ ডিচেম্বৰত শেষ হ’ব ভাৰত–অষ্ট্রেলিয়া শৃংখলা৷ ১৪ ডিচেম্বৰৰ পৰা পুনৰ পাকিস্তানৰ বিৰুদ্ধে টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূর্বেই অনুষ্ঠিত হ’ব বিজয় উৎসৱ৷

You might also like