নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত পার্কিঙৰ নামত ধন সংগ্রহ উদণ্ড যুৱকৰ

🔹 ট্রেভেলাৰ–মেজিক–বাছ চালকে মাহিলি দিব লাগে ১,৫০০–৩,০০০ টকা

বিশেষ বার্তা, ২৭ নৱেম্বৰ : মহানগৰীৰ খানাপাৰাত পার্কিঙৰ নামত চলিছে ছিণ্ডিকেট৷ আৰক্ষী–প্রশাসনৰ চকুৰ সন্মুখতে একাংশ স্থানীয় যুৱকে খানাপাৰা চিটীবাছ আস্থানত পার্কিঙৰ নামত যান–বাহনৰ পৰা নিয়মিতভাৱে ধন সংগ্রহ কৰি আহিছে৷ খানাপাৰা উৰণ সেতুৰ সমীপৰ চিটীবাছ আস্থানত একাংশ উদণ্ড যুৱকে ধন সংগ্রহৰ নামত চালকসকলক দুর্ব্যৱহাৰ কৰে৷ আনকি নিয়মিতভাৱে গুণ্ডাকৰ আদায় নিদিলে খানাপাৰাত যান–বাহনৰ প্রৱেশত বাধা আৰোপ কৰাৰ লগতে চালকসকলক ডাবি–ধমকিৰে ভীতিগ্রস্ত কৰিছে এই উদণ্ড যুৱকে৷ খানাপাৰা উৰণ সেতুৰ তলৰ চিটীবাছ আস্থানত বাহন পার্কিং কৰি অহা একাংশ ভুক্তভোগী চালকৰ অভিযোগ অনুসৰি, খানাপাৰাত পার্কিঙৰ নামত চালকসকলে দৈনিক ৫০–৩০০ টকা পর্যন্ত আদায় দিব লাগে ৷ তদুপৰি প্রতিখন বাহন পার্কিং কৰা চালকে মাহিলি ১,৫০০–৩,০০০ টকা পর্যন্ত আদায় দিব লাগে ৷ অন্যথা খানাপাৰাত বাছ–মেজিক–ট্রেভেলাৰ আৰু অন্যান্য যাত্রীবাহী বাহন পার্কিং কৰাত বাধা আৰোপ কৰে উদণ্ড যুৱকৰ এটা দলে ৷ আনহাতে, উজনি অসমৰ পৰা অহা প্রতিখন বাছ চালকেও নিয়মীয়াকৈ গুণ্ডাকৰ আদায় নিদিলে এইসকল যুৱকে চালকসকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে৷ বিগত প্রায় দুবছৰ ধৰি চালকসকলৰ পৰা এইদৰে গুণ্ডাকৰ সংগ্রহ কৰি আহিছে যদিও এইসকল উদণ্ড যুৱকৰ বিৰুদ্ধে যান–বাহন আৰক্ষী, জিলা প্রশাসন আৰু বিভাগীয় কর্তৃপক্ষই এইক্ষেত্রত ৰহস্যজনকভাৱে ব্যৱস্থা গ্রহণ কৰা নাই ৷ ভুক্তভোগী চালকৰ অভিযোগ অনুসৰি, খানাপাৰা বাছ আস্থানত পার্কিঙৰ নামত জাকিৰ, বাবলু, টুটু, অৰূপ আৰু মেধি নামৰ যুৱককেইজনে মেজিক, ট্রেভেলাৰ, বাছ আৰু অন্যান্য যাত্রীবাহী বাহনৰ পৰা নিয়মিতভাৱে ধন সংগ্রহ কৰি আহিছে ৷ সেয়েহে চালকসকলে এইসকল যুৱকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্যক আহ্বান জনাইছে ৷

You might also like