নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্ণৌৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভেৰে শীৰ্ষস্থানত বেংগালুৰু

ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল : আই পি এলৰ বুধবাৰে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পৰাস্ত কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক। খেলখনত আৰ চি বিয়ে ৫ উইকেটত জয়লাভ কৰে ।

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে টছত হাৰি প্ৰথমে বেটিং কৰাত ২০ অভাৰত ১৪৬ ৰান সংগ্ৰহ কৰে । লক্ষ্ণৌৰ আৰম্ভণি সুখকৰ নাছিল। ১২ ৰানতে আউট হয় আইডেন মাৰ্কৰাম । ইয়াৰ পিছতে অধিনায়ক ঋষভ পণ্ট আঘাতপ্ৰাপ্ত হৈ খেলপথাৰলৈ বাহিৰলৈ ওলাই যায় যদিও পিছত পণ্টে পুনৰ বেটিং কৰিবলৈ সক্ষম হয় । আৰ চি বিৰ জছ হেজলউডে লক্ষ্ণৌক দ্বিতীয়টো আঘাত দিয়ে আৰু নিকোলাছ পুৰানক আউট কৰে । অ’পেনাৰ মিচেল মাৰ্ছে ক্ৰীজত থিতাপি লৈছিল যদিও ব্যক্তিগত ৪০ ৰানত মাৰ্ছক আউট কৰে ক্ৰুনাল পাণ্ডিয়াই । বাকীসকল বেটাৰ ব্যৰ্থ হয় যদিও আয়ুস বাদোনীয়ে ২৪টা বলত ৩৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ পাছতে ভুবনেশ্বৰ কুমাৰে অধিনায়ক ঋষভ পণ্টক আউট কৰে । আৰচিবিৰ হৈ বেগী বলাৰ ৰছিক ছালাম দাৰে ৪টা উইকেট দখল কৰাৰ বিপৰীতে ভুবনেশ্বৰ কুমাৰে ৩টা উইকেট দখল কৰে ।

ইয়াৰ বিপৰীতে ১৪৬ ৰান লক্ষ্য অনুসৰণ কৰি খেলখনত আৰ চি বিয়ে ৫ উইকেটত জয়লাভ কৰে। অৱশ্যে আৰ চি বিৰো আৰম্ভণি সুখকৰ নাছিল ফিল ছল্ট মাত্ৰ ৭ ৰানত আউট হয় । ইয়াৰ পাছতে বিৰাট কোহলি আৰু দেৱদত্ত পাড়িকালে দ্বিতীয় উইকেটৰ যুটিত ৫৭ ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলে । এই পাৰ্টনাৰশ্বিপ পাড়িকালক ১০ ৰানত আউট কৰি ভাঙে আৱেশ খানে । তাৰ পাছত কোহলিয়েও ৩৪টা বলত ৪৯ ৰান সংগ্ৰহ কৰি আৱেশ খানৰ চিকাৰ হয় । তেওঁৰ এই ইনিংছত ৬টা চাৰি আৰু এটা ছয় আছিল । অধিনায়ক ৰজত পাটিদাৰ আৰু জিতেশ শৰ্মাই কিছু ডাঙৰ শ্বট মাৰি দলটোক জয়ৰ ওচৰলৈ নিবলৈ সক্ষম হয় । পাটিদাৰে ১৩টা বলত ২৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে জিতেশে ৯টা বলত ২৩ ৰানৰ অৰিহণা যোগায়। ৰজত আৰু জিতেশৰ উইকেট দখল কৰে ৰাজকুমাৰ যাদৱে । তাৰ পৰা টীম ডেভিদ আৰু ৰোমাৰিও শ্বেফাৰ্ডে আৰচিবিক জয়ৰ দিশে আগুৱাই লৈ যায় । ১৫.১ অভাৰতে দলটোৱে জয়ৰ লক্ষ্যত উপনীত হয়।

You might also like