টীম ইণ্ডিয়াৰ প্রদর্শনত উদ্বিগ্ন বিচিচিআই
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে দিবা–নৈশ টেষ্টত বেটছমেনৰ লজ্জাজনক প্রদর্শনৰ বাবে শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা টীম ইণ্ডিয়াৰ প্রত্যাৱর্তনৰ ৰণনীতি তৈয়াৰত আগভাগ লৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ বিৰাট কোহলি বাহিনীৰ শেহতীয়া প্রদর্শনত গভীৰভাৱে উদ্বিগ্ন ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে অষ্ট্রেলিয়াত ভাৰতৰ প্রদর্শন উন্নত কৰিবলৈ দলৰ সৈতে সু–সমন্বয় বর্তাই ৰাখি নতুন ৰণনীতি তৈয়াৰ কৰিছে৷ এই কথা প্রকাশ কৰিছে বি চি চি আইৰ উপ–সভাপতি হ’বলৈ সাজু হোৱা জ্যেষ্ঠ ক্রিকেট প্রশাসক ৰাজীৱ শুক্লাই৷
‘এডিলেইডত ভাৰতৰ প্রদর্শনক লৈ আমি মুঠেই সুখী নহয়৷ দলটোৱে অত্যন্ত দুর্বল বেটিং প্রদর্শন কৰিছে আৰু ইয়াক লৈ আমি অত্যন্ত উদ্বিগ্ন৷ বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহে বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰিছে আৰু আগন্তুক মেচসমূহত ভাৰতে যাতে শক্তিশালী প্রত্যাৱর্তন ঘটাব পাৰে, সেয়া নিশ্চিত কৰিবলৈ কিছুমান বিশেষ পৰিকল্পনা যুগুত কৰিছে৷ তেওঁলোকে দলীয় মেনেজমেণ্টৰ সৈতে সমন্বয়েৰে কাম কৰিছে আৰু আমি আশাবাদী যে পৰৱর্তী মেচত টীম ইণ্ডিয়াই প্রদর্শনৰ মান উন্নত কৰিবলৈ সক্ষম হ’ব৷’ ৰাজীৱ শুক্লাই এইদৰে কয়৷
ইফালে, ব’ৰ্ডৰ এক সূত্রই প্রকাশ কৰা অনুসৰি অষ্ট্রেলিয়া ভ্রমণত ভাৰতীয় বেটছমেনক গাইড কৰিবলৈ বি চি চি আয়ে দেশৰ একালৰ মহান বেটছমেন ৰাহুল দ্রাবিড়ক অষ্ট্রেলিয়ালৈ প্রেৰণৰ চিন্তা–চর্চা কৰিছে৷ অৱশ্যে এই সন্দর্ভত ব’র্ডে আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো কথা ঘোষণা কৰা নাই৷
উল্লেখ্য যে প্রথম টেষ্টত অষ্ট্রেলিয়াৰ তাৰকা বেগী বলাৰ জ’ছ হেজলউড আৰু পেট কামিনছৰ বিধ্বংসী বলিঙৰ সন্মুখত দিশহাৰা হৈ টীম ইণ্ডিয়াৰ তাৰকাসমৃদ্ধ বেটিং লাইনআপ মাত্র ৩৬ ৰানৰ ভিতৰতে তাচপাতৰ দৰে খহি পৰে৷ দলটোৱে অহা ২৬ ডিচেম্বৰৰ পৰা ঐতিহাসিক মেলব’ন ক্রিকেট গ্রাউণ্ডত অধিনায়ক বিৰাট কোহলি অবিহনে খেলপথাৰত নামিব৷