বিদেশ ভ্রমণত ‘পৰিয়াল’ নীতি সলনি কৰা নহয়, অটল বিচিচিআই
নিউজ ডেস্ক, ২০ মাৰ্চঃ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে যিমানেই আপত্তি নকৰক কিয়, ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে খেলুৱৈসকলৰ সৈতে পৰিয়ালৰ সদস্যক বিদেশ ভ্রমণলৈ নিয়াৰ নীতি সলনি নকৰে৷ ব’ৰ্ডৰ সচিব দেৱজিৎ শহকীয়াই এই কথা স্পষ্ট কৰি দিয়ে৷ তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে ব’র্ডে দেশ আৰু প্রতিষ্ঠানৰ স্বার্থত পৰিয়াল নীতি বন্ধ কৰিছে৷ অদূৰ ভৱিষ্যতে এই নীতি সলনি হোৱাৰ সম্ভাৱনা নাই৷ কোহলিৰ সময়ত ভাৰতীয় ক্রিকেটত যি আমূল পৰিৱর্তন ঘটিছিল তাৰ ভিতৰত এটা আছিল ক্রিকেটাৰৰ পৰিয়ালৰ সদস্যসকলে হোটেলৰ কোঠা আৰু ড্রেছিং ৰুমলৈ মুক্তভাৱে চলাচল কৰা৷ এনে নহয় যে কোহলিৰ আগতে ক্রিকেটাৰৰ পৰিয়ালৰ সদস্যই দলীয় হোটেললৈ যোৱা নাছিল৷ কিন্তু কোহলিৰ ৰাজত্বকালত ই এক চৰম ৰূপ ধাৰণ কৰিছিল৷
ডিগবৈ আইঅ’চিত কৃষক মুক্তিৰ নেতা উমানন্দ মুদৈৰ ছিণ্ডিকেটৰাজ
পিছলৈ ৰোহিতেও সেই সংস্কৃতি অব্যাহত ৰাখিলে৷ কিন্তু ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত ভাৰতৰ ব্যর্থতাৰ পিছত ছবিখন সলনি হয়৷ ব’ৰ্ডৰ একাংশই টীম ইণ্ডিয়াৰ ব্যর্থতাৰ বাবে পৰিয়ালৰ সদস্যৰ উপস্থিতিক জগৰীয়া কৰে৷ ব’ৰ্ডৰ মতে পৰিয়ালৰ সদস্যৰ উপস্থিতিয়ে খেলুৱৈসকলৰ একাগ্রতাত ব্যাঘাত জন্মাইছিল৷ হয়তো সেইবাবেই ব’র্ডে এক বিবৃতি প্রকাশ কৰি কয় যে ক্রিকেটাৰসকলে আৰু বিদেশ ভ্রমণত পৰিয়ালৰ সদস্যক পূর্ণকালীনভাৱে লগত ৰাখিব নোৱাৰিব৷ ৪৫ দিনীয়া ভ্রমণৰ সময়ত পৰিয়ালৰ সদস্যক সর্বাধিক ১৪ দিন তেওঁলোকৰ লগত ৰাখিব পাৰিব৷ ভ্রমণটো তাতকৈ চুটি হ’লে এসপ্তাহ৷ বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ মতে ব’ৰ্ডৰ নতুন নিয়মক লৈ কিছু অসন্তুষ্টি থাকিব পাৰে৷ কাৰণ ভাৰত এখন গণতান্ত্রিক দেশ৷ কিন্তু চূড়ান্ত সিদ্ধান্ত ল’ব ব’র্ডে৷ ব’র্ডে জানে যে নতুন নিয়মৰ প্রতি কোনো কোনো খেলুৱৈ অসন্তুষ্ট হ’ব পাৰে৷ গণতান্ত্রিক দেশত সকলোৰে নিজৰ মনৰ কথা কোৱাৰ অধিকাৰ আছে৷ এই নিয়ম এজন ক্রিকেটাৰৰ বাবে কৰা হোৱা নাছিল৷ প্রতিজন ক্রিকেটাৰ, প্রশিক্ষক, মেনেজাৰ, সহায়ক কর্মচাৰীয়ে এই নিয়ম মানি চলিব লাগিব৷ এই সিদ্ধান্ত সকলোৰে স্বার্থত লোৱা হৈছে৷ সেয়েহে সকলোৱে মানি চলিব লাগিব৷ উল্লেখ্য যে কিন্তু দুদিন পূর্বে কোহলিয়ে ব’ৰ্ডৰ এই নীতিক লৈ ৰাজহুৱাভাৱে আপত্তি কৰিছিল৷