আইপিএল নহ’লে ৪ হাজাৰ কোটি লোকচান হ’ব বিচিচিআইৰ
নিয়মীয়া বাৰ্তা, ১৩ মে’ : ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো বাতিল হ’লে বৃহৎ আর্থিক সংকটৰ সন্মুখীন হ’ব ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড ৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে আইপিএলৰ ত্রয়োদশ সংস্কৰণটো অনির্দিষ্টকাললৈ স্থগিত ৰাখিছে বিচিচিআয়ে ৷ অৱশ্যে ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখন আয়োজনৰ বাবে সকলো প্রকাৰৰ চেষ্টা চলাই আছে ব’ডখনে৷ বিশ্বৰ আটাইতকৈ ধনী ক্রিকেট ব’ড বিচিচিআয়ে চলিত বর্ষৰ আইপিএলখন যদি আয়োজন কৰিব নোৱাৰে, তেতিয়াহ’লে ৪ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব৷ বিচিচিআইৰ কোষাধ্যক্ষ অৰুণ ধুমলে কয় যে চলিত বর্ষৰ আইপিএলখন বাতিল হোৱা মানেই বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা ৷ বিচিচিআয়ে বৃহৎ আর্থিক ক্ষতিৰ দিশে আগবাঢ়ি আছে ৷ যদি আই পিএলখন বাতিল হয়, তেতিয়াহ’লে বিচিচিআয়ে অতি কমেও ৪০ বিলিয়নৰ লোকচানৰ সন্মুখীন হ’ব বুলি উল্লেখ কৰি বিচিচিআইৰ কোষাধ্যক্ষগৰাকীয়ে লগতে কয় যে এইবাৰ আইপিএলখন অনুষ্ঠিত কৰিব পৰা যাবনে নাযায়, তাক লৈও সন্দেহ আছে ৷ মন কৰিবলগীয়া যে মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ মার্চ মাহত শৃংখলাটো আধাতে বাতিল হোৱাত লোকচানৰ সন্মুখীন হয় আৰু যদি চলিত বর্ষৰ আইপিএলখনো বাতিল হয়, তেতিয়াহ’লে বিচিচিআই বৃহৎ লোকচানৰ সন্মুখীন হ’ব৷ মন কৰিবলগীয়া যে ঐশ্বর্যশালী প্রতিযোগিতাখনৰ জৰিয়তে বিচিচিআইৰ অতি কমেও ১১ বিলিয়ন উপার্জন হয়৷ ডফ এণ্ড ফেল্পছ ফাইনেঞ্চিয়েল কনছালটেঞ্চীৰ জৰীপ অনুসৰি বিগত বর্ষত আইপিএলৰ ব্রেণ্ড ভেল্যু আছিল ৬.৭ বিলিয়ন ডলাৰ৷ উল্লেখ্য যে চলিত বর্ষৰ আইপিএলখন ২৯ মার্চৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে বর্তমান বিচিচিআইৰ এই ঐশ্বর্যশালী প্রতিযোগিতাখন অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে৷ ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে অকল ভাৰততে নহয়, সমগ্র বিশ্বতে স্থবিৰ হৈ পৰিছে ক্রীড়াক্ষেত্র ৷