নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেডমিণ্টনৰ ইতিহাসত বৃহৎ পৰিৱর্তন, অহা বছৰৰ পৰা নতুন স্ক’ৰিং ব্যৱস্থা

ডিজিটেল ডেস্ক, ২৮ এপ্রিল : বেডমিণ্টন ক্রীড়াৰ ইতিহাসত অচিৰেই বৃহৎ পৰিৱর্তন৷ সলনি হ’ব কেইবাটাও নিয়ম৷ বিশেষকৈ শনিবাৰে বেডমিণ্টন ৱর্ল্ড ফেডাৰেচনে নতুন স্ক’ৰিং ব্যৱস্থাত অনুমোদন জনাইছে৷

ডেনমার্কৰ হর্চেন্সত অনুষ্ঠিত বার্ষিক সাধাৰণ সভাত তেওঁলোকে আনুষ্ঠানিকভাৱে ৩×১৫ স্ক’ৰিং নীতি গ্রহণ কৰে৷ দুই–তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে ভোটদান কৰাৰ পিছত এই প্রস্তাৱ গৃহীত কৰা হয়৷ এই নতুন নিয়মৰ অর্থ এয়ে যে প্রায় দুটা দশক ধৰি চলি অহা ৩×২১ পইণ্ট ফর্মেটৰ দীর্ঘদিনীয়া স্ক’ৰিং ব্যৱস্থাত সালসলনি ঘটিব৷

নতুন ব্যৱস্থা অনুসৰি অনুষ্ঠিত হ’বলগীয়া খেলসমূহ ২১ পইণ্টৰ পৰিৱর্তে ১৫ পইণ্টৰ বেষ্ট অৱ থ্রী গেম হিচাপে খেলা হ’ব৷ এই চুটি ফর্মেটে সময়সূচী উন্নত কৰাৰ লগতে খেলুৱৈসকলৰ কল্যাণ সাধন কৰিব বুলি বেডমিণ্টন ৱর্ল্ড ফেডাৰেচনে জানিবলৈ দিছে৷ বেডমিণ্টন ৱর্ল্ড ট্ৰেড চেণ্টাৰ (বিডব্লিডএফ)ৰ সভাপতি খুনিং পাটামা লিছৱাদ ট্ৰাকুলে কয় যে এই সিদ্ধান্ত বেডমিণ্টনৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূর্ণ মাইলৰ খুঁটি হিচাপে পৰিচিত হ’ব৷

লিছৱাদ ট্ৰাকুলে কয়- ‘আমি পৰৱর্তী প্রজন্মক আকর্ষণ কৰা খেল তৈয়াৰ কৰিছোঁ ৷ সমান্তৰালকৈ আমাৰ খেলুৱৈসকলৰ দীর্ঘম্যাদী ভৱিষ্যতৰ বাবে বিনিয়োগ অব্যাহত ৰাখিছোঁ৷’ তেওঁ পুনৰ কয়, ‘৩×১৫ স্ক’ৰিং ব্যৱস্থাৰ লক্ষ্য হৈছে অধিক উত্তেজনাপূর্ণ আৰু প্রতিযোগিতামূলক বেডমিণ্টন, উন্নত সময়সূচী, অধিক সামঞ্জস্যপূর্ণ খেলৰ সময়সীমা আৰু খেলুৱৈৰ কল্যাণ আৰু আৰোগ্যৰ বাবে সম্ভাব্য সুবিধা প্রদান কৰা৷’ ‘ইমান শক্তিশালী পৰম্পৰাসমৃদ্ধ খেল এখনত হোৱা পৰিৱর্তনে উদ্বেগৰ সৃষ্টি কৰিব পাৰে বুলি আমি বুজি পাওঁ৷ অৱশ্যে এই সিদ্ধান্তই বেডমিণ্টনৰ মৌলিক প্রকৃতিৰ কোনো পৰিৱর্তন নকৰে৷ খেলৰ দক্ষতা, কৌশল, শাৰীৰিক আৰু মানসিক দাবী আৰু উত্তেজনা অক্ষত থাকিব’ বুলিও লিছৱাদ ট্ৰাকুলে লগতে কয়৷

বছৰ বছৰ ধৰি কৰি অহা পৰীক্ষণ, বিশ্লেষণ আৰু অংশীদাৰসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে৷ ফেডাৰেচনে কয় যে এক সামূহিক প্রচেষ্টাৰ অন্ততহে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

You might also like