নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কটলেণ্ডত প্ৰথমবাৰ বৃহৎ পৰিসৰত ৰঙালী বিহু উদযাপন

Assamese Community in Scotland-এ স্কটলেণ্ডত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিসৰত ৰঙালী বিহু উদযাপন সফলভাৱে আয়োজন কৰে। এই অনুষ্ঠানত ভাৰতৰ কনছুল আৰু স্থানীয় হিন্দু মন্দিৰৰ সভাপতিৰ উপস্থিতিৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলেও অংশগ্ৰহণ কৰি অসমীয়া সংস্কৃতিৰ সৈতে নিজকে জড়িত কৰে।

অনুষ্ঠানত বৰ্ণাঢ্য বিহু নৃত্য উপস্থাপন কৰাৰ লগতে জুবিন গাৰ্গৰ গীতসমূহৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লগতে স্কটিশ পৰম্পৰাগত Highland  নৃত্যও প্ৰদৰ্শিত হয়।অতিথিসকলক পৰিবেশন কৰা হয় বিভিন্ন পৰম্পৰাগত অসমীয়া খাদ্য, যেনে— খাৰ, তিল চাটনি, ৰৌ মাছ টেঙা, ভাপ পিঠা, তিল লাডু, তিল পিঠা, কাজি নেমু আৰু কটা নিমকিন।

এই অনুষ্ঠানটোৱে অসমৰ সমৃদ্ধ সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে স্কটলেণ্ডত সাংস্কৃতিক বিনিময় আৰু ঐক্য বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল

You might also like