নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা, স্বামী–স্ত্ৰী আহত

গুৱাহাটী মহানগৰীৰ চিৰিয়াখানাৰ সমীপত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ৰয়েল এনফিল্ড বাহনত অহা স্বামী–স্ত্ৰী দুয়ো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আহত দুয়োকে ততাতৈকীয়াকৈ KGMT হাস্পতালত ভৰ্তি কৰা হয়, য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে। আহত দুয়োজনক মানৱ ৰাভা আৰু নিৰ্মালী বড়ো বুলি চিনাক্ত কৰা হৈছে, সম্পৰ্কত দুয়ো স্বামী–স্ত্ৰী।

জানিব পৰা মতে, AS 13 M 5867 নম্বৰৰ ৰয়েল এনফিল্ড বাহনত আহিছিল দুয়ো। সেই সময়তে বিপৰীত দিশৰ পৰা ভুল দিশেৰে অহা এখন পালচাৰ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষটোত বিশেষকৈ যুৱতীগৰাকী গুৰুতৰভাৱে আহত হয় আৰু বৰ্তমান জীৱন–মৃত্যুৰে যুঁজিছে বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটো সংঘটিত কৰাৰ পিছতে পালচাৰ বাহনৰ চালক বাহনসহ পলায়ন কৰে। ইতিমধ্যে দিছপুৰ ট্ৰেফিক আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে এই সমগ্ৰ দুৰ্ঘটনাৰ দৃশ্য ওচৰৰ CCTV কেমেৰাত বন্দী হৈছে, যাৰ আধাৰত আৰক্ষীয়ে পলায়ন কৰা চালকক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল

You might also like