ব্ৰীজবেনত বৰষুণৰ উপৰ্যুপৰি বিধিপথালি, গাব্বা টেষ্ট ড্ৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ ডিচেম্বৰঃ ব্রীজবেনৰ দ্য গাব্বাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ ড্ৰ’ৰে সমাপ্ত হয়। অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ২৭৫ ৰানৰ লক্ষ্য দিছিল। কিন্তু খেলখনৰ পঞ্চম দিনা চাহ বিৰতিৰ পাছত মেচ আৰম্ভ নহল। বৰষুণ আৰু পোহৰৰ অভাৱৰ বাবে মেচখন ড্ৰ ঘোষণা কৰা হয়। এই শৃংখলা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দলৰ মাজত এতিয়াও ১-১ত ড্ৰ হৈ আছে। প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪৪৫ ৰান সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত ষ্টিভ স্মিথ আৰু ট্ৰেভিছ হেডে শতক অৰ্জন কৰে। হেডে ১৫২ ৰানৰ ইনিংছ খেলিছিল। আনহাতে স্মিথে ১০১ ৰান সংগ্ৰহ কৰিছিল। এলেক্স কেৰীয়ে ৭০ ৰানৰ ইনিংছ খেলিছিল। এই সময়ছোৱাত ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ৬টা উইকেট দখল কৰে। আনহাতে মহম্মদ ছিৰাজে ২টা উইকেট দখল কৰে। আকাশদীপ আৰু নীতিশ ৰেড্ডীয়ে ১টাকৈ উইকেট দখল কৰে। প্ৰথম ইনিংছত অল আউট হোৱাৰ পূৰ্বে ভাৰতে ২৬০ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত অ’পেনাৰ কে এল ৰাহুলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ১৩৯টা বলৰ মুখামুখি হৈ ৰাহুলে ৮৯ ৰান সংগ্ৰহ কৰে। তেওঁ ৮টা চাৰি মাৰে। ৰবীন্দ্ৰ জাদেজাই অৰ্ধশতক অৰ্জন কৰে। তেওঁ ১২৩টা বলৰ সন্মুখীন হৈ ৭৭ ৰান সংগ্ৰহ কৰে। জাদেজাৰ ইনিংছত ৭টা চাৰি আৰু ১টা ছয় আছিল। শেষত আকাশদীপে ৩১ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। তেওঁ ২টা চাৰি আৰু ১টা ছয় মাৰে। ইফালে অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ভাৰতীয় বলাৰসকলে বিধ্বংসী ৰূপ ধাৰণ কৰে। অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছৰ সময়ত ভাৰতীয় বলাৰসকলে মাৰাত্মক বলিং কৰে। অষ্ট্ৰেলিয়াই ৮৯ ৰানৰ স্ক’ৰত ৭টা উইকেট হেৰুৱাইছিল। অৱশ্যে ইয়াৰ পিছতে তেওঁলোকে ইনিংছ ঘোষণা কৰে। নট আউটত ২০ ৰান সংগ্ৰহ কৰে এলেক্স কেৰীয়ে। কামিন্সে ২২ ৰানৰ ইনিংছ খেলিছিল। ভাৰতৰ হৈ বলিং কৰি বুমৰাহে ৩টা উইকেট দখল কৰে। ছিৰাজ আৰু আকাশ দীপে ২টাকৈ উইকেট দখল কৰে। ইফালে শৃংখলাৰ চতুৰ্থখন টেষ্ট ২৬-৩০ ডিচেম্বৰত মেলবৰ্নত আৰু পঞ্চম তথা অন্তিম টেষ্ট ৩-৭ জানুৱাৰীত ছিডনীত অনুষ্ঠিত হব।