নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেডিংলে টেষ্ট-ত আইচিচিৰ নিয়ম উলংঘা কৰি বিপদত অধিনায়ক গিল!

টেষ্ট ক্ৰিকেটত সাজ-পোছাক সন্দৰ্ভত আইচিচিৰ কঠোৰ নিৰ্দেশনা। আই চি চিৰ নিয়ম অনুসৰি খেলৰ সময়ত খেলুৱৈয়ে কেৱল বগা, ক্ৰীম বা পাতল ধূসৰ ৰঙৰ মোজাহে পিন্ধিব লাগিব

হেডিংলে টেষ্ট-ত আইচিচিৰ নিয়ম উলংঘা কৰি বিপদত অধিনায়ক গিল!

নিউজ ডেস্ক, ২১ জুনঃ ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হেডিংলে টেষ্টত শতক অৰ্জন কৰা অধিনায়ক শুভমন গিল পুনৰ এক বিশেষ কাৰণত লাইমলাইটলৈ আহিছে। এইবাৰ কাৰণ তেওঁৰ বেটিং প্ৰদৰ্শন নহয় তেওঁৰ ক’লা মোজা। আচলতে ইংলেণ্ডৰ বিৰুদ্ধে খেলখনৰ প্ৰথম দিনাই ক’লা মোজা পিন্ধি খেলপথাৰত বেটিং কৰিবলৈ আহিছিল গিল, যিটো আইচিচিৰ ড্ৰেছ কোডৰ নিয়মৰ বিৰুদ্ধে।

আইচিচিৰ নিয়ম উলংঘা

টেষ্ট ক্ৰিকেটত সাজ-পোছাক সন্দৰ্ভত আইচিচিৰ কঠোৰ নিৰ্দেশনা। আই চি চিৰ নিয়ম অনুসৰি খেলৰ সময়ত খেলুৱৈয়ে কেৱল বগা, ক্ৰীম বা পাতল ধূসৰ ৰঙৰ মোজাহে পিন্ধিব লাগিব। এমচিচিৰ নিয়ম ১৯.৪৫ৰ অধীনত স্পষ্টকৈ কোৱা হৈছে যে এই সকলো ৰঙৰ বাহিৰেও গাঢ় ৰঙৰ মোজা পিন্ধিব নোৱাৰিব। এই নিয়ম ২০২৩ চনত কাৰ্যকৰী কৰা হৈছিল আৰু তেতিয়াৰ পৰা প্ৰায় সকলো খেলুৱৈয়ে ইয়াক মানি চলিছে।

কিন্তু হেডিংলে টেষ্টৰ প্ৰথম দিনাই কেমেৰাৰ চকুৰ পৰা সাৰি যাব নোৱাৰিলে শুভমন গিল। তেওঁক ক’লা মোজা পিন্ধি বেটিং কৰা দেখা গৈছিল, যাৰ ফলত ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছিল আৰু প্ৰশ্ন উত্থাপন হৈছিল যে এয়া নিয়ম উলংঘা নেকি? ইয়াৰ কোনো শাস্তি থাকিবনে?

আইচিচিয়ে কিবা ব্যৱস্থা ল’বনে?

এই বিষয়ত যি সিদ্ধান্ত লোৱা হ’ব, সেই সিদ্ধান্ত ল’ব লাগিব মেচ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনে। আইচিচিৰ গাইডলাইন অনুসৰি যিকোনো খেলুৱৈয়ে এনেধৰণৰ ড্ৰেছ কোড উলংঘা কৰাটো লেভেল ১ অপৰাধ বুলি গণ্য কৰা হয়। ইয়াত খেলুৱৈজনক মেচ মাচুলৰ ১০%ৰ পৰা ৫০% জৰিমনা বিহা হ’ব পাৰে, আৰু খেলুৱৈজনক ডেমেৰিট পইণ্টো দিব পাৰি।

কিন্তু যদিহে মেচৰ ৰেফাৰীয়ে অনুভৱ কৰে যে গিলে ইচ্ছাকৃতভাৱে এই ভুল কৰা নাই, তেন্তে কেৱল সতৰ্কবাণী দি তেওঁক এৰি দিব পাৰি। সাধাৰণতে ক্ৰিকেটত সাজ-পোছাক উলংঘাৰ কঠোৰ শাস্তি খুব কমেইহে দেখা যায়, কিন্তু এই উলংঘা টেষ্ট দলৰ অধিনায়কে নিজেই সংঘটিত কৰিছে, গতিকে সকলোৰে দৃষ্টি এই সিদ্ধান্তত নিবদ্ধ হৈ থাকে।

সুন্দৰ বেটিঙৰ পিছত নিয়ম উলংঘাৰ আলোচনা

আমোদজনক কথাটো হ’ল যে এফালৰ পৰা শুভমন গিলে ১২৭ ৰানৰ অপৰাজিত ইনিংছ খেলি টীম ইণ্ডিয়াক শক্তিশালী স্থানত ৰাখিলেও এতিয়া তেওঁৰ সাজ-পোছাকৰ সন্দৰ্ভত এই সৰু ভুলটো আলোচনাৰ বিষয় হৈ পৰিছে। প্ৰথম দিনৰ খেলৰ অন্তত টীম ইণ্ডিয়াই ৩৫৯/৩ ৰান সংগ্ৰহ কৰিছে আৰু দ্বিতীয় দিনতো গিলে খেলপথাৰত নামি নিজৰ ইনিংছ অব্যাহত ৰাখিব।

You might also like