নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেডিংলেত লজ্জাৰ পৰাজয় ভাৰতৰ

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  উদীয়মান বেগী বলাৰ অলি ৰবীনছনৰ বিধ্বংসী বলিঙৰ সন্মুখত দিশহাৰা হৈ টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত ইনিংছৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হৈছে৷ প্রথম ইনিংছত ৩৫৪ ৰানৰ বৃহৎ ব্যৱধানত পিছপৰি থকা দলটোৱে শনিবাৰে মাত্র ২৭৮ ৰানতে দ্বিতীয় ইনিংছ সামৰে৷

ৰবীনচন, ক্রেইগ অভাৰটন আৰু জেমছ এণ্ডাৰছনৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত দিশহাৰা হৈ ভাৰতে আজি পুৱা মাত্র ১৬ অভাৰহে ক্রীজত বর্তি থাকিবলৈ সক্ষম হয়৷ ৫৪ মিনিটৰ ভিতৰতে দলটোৱে অৱশিষ্ট সাতটা উইকেট হেৰুৱাই এক ইনিংছ আৰু ৭৬ ৰানত পৰাজয় স্বীকাৰ কৰে৷ কালি ৯১ ৰানত অপৰাজিত হৈ থকা অভিজ্ঞ বেটছমেন শ্বেটেশ্বৰ পূজাৰাই শনিবাৰে কোনো ৰান যোগ দিব নোৱাৰিলে৷ অধিনায়ক কোহলিয়েও ৫৫ ৰানতে পেভিলিয়নমুখী হয়৷ তৃতীয় উইকেটত তেওঁলোকে কালি ৯৯ ৰান যোগ দি ভাৰতৰ পৰাজয় ৰোধৰ আশা সজীৱ কৰি তুলিছিল যদিও ইংলেণ্ডৰ শক্তিশালী বেগী বলিং আক্রমণৰ সন্মুখত শনিবাৰে কোহলি ব্রিগেডে সহজে আত্মসমর্পণ কৰিবলৈ বাধ্য হয়৷

আজিংক্য ৰাহানেই ১০, ঋষভ পণ্টে ১, ৰবীন্দ্র জাদেজাই ৩০, মহম্মদ ছামিয়ে ৬, ঈশান্ত শর্মাই ২, মহম্মদ ছিৰাজে ০ ৰানত আউট হয়৷ ইংলেণ্ডৰ এই চমকপ্রদ জয়ৰ মূলতে আছিল দুই উদীয়মান তাৰকা ৰবীনছন, অভাৰটন আৰু অভিজ্ঞ বেগী বলাৰ জেমছ এণ্ডাৰছন৷ শনিবাৰে পুৱা ৰবীনছনে পূজাৰাক পেভিলিয়নমুখী কৰাৰ পিছতে ভাৰতীয় দলৰ বেটিং স্খলন আৰম্ভ হয়৷ অধিনায়ক কোহলিয়ে চলিত শৃংখলাত প্রথমটো অর্ধশতক অর্জন কৰে যদিও ইংলেণ্ডৰ বলিং আক্রমণৰ সাহসেৰে মোকাবিলা কৰি দীঘলীয়া ইনিংছ খেলিব নোৱাৰিলে৷

মেন অৱ দ্য মেছ ৰবীনছনে ৬৫ ৰানৰ বিনিময়ত ৫টা আৰু অভাৰটনে ৪৭ ৰান ব্যয় কৰি তিনিটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ এণ্ডাৰছন আৰু মঈন আলীয়ে এটাকৈ উইকেট পায়৷ ইয়াৰ পূর্বে ভাৰতে কালি ২ উইকেটৰ বিনিময়ত ২১৫ ৰান সংগ্রহ কৰিছিল৷ শনিবাৰৰ জয়েৰে জ’ ৰুট নেতৃত্বাধীন ঘৰুৱা দলটোৱে পাঁচখন মেচৰ টেষ্ট শৃংখলাটোত ১–১ৰ ব্যৱধানত সমতা স্থাপন কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে ভাৰতৰ ৭৮ ৰানৰ প্রত্যুত্তৰত ইংলেণ্ডে প্রথম ইনিংছত ৪৩২ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰাই জয়ৰ ভেটি গঢ়িছিল৷

You might also like