দিল্লী কেপিটেলছক হৰুৱাই আইপিএলত প্রথম জয় চেন্নাই ছুপাৰ কিংছৰ
ডিজিটেল ডেস্ক, ১২ এপ্রিল : পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলত প্রথমটো জয়ৰ মুখ দেখিছে৷ প্রথম তিনিখন মেচত পৰাস্ত হোৱা চেন্নায়ে শনিবাৰে চেন্নাইত অনুষ্ঠিত মেচখনত দিল্লী কেপিটেলছক ২৩ ৰানত পৰাস্ত কৰে৷ ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ২১৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ট্রিষ্টান ষ্টাবছৰ ৩৮ বলত ৬০ আৰু অ’পেনাৰ পাথুম নিছানকাৰ ৪১ ৰানৰ সহায়ত দিল্লী কেপিটেলছে নির্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮৯ ৰান কৰে৷ ষ্টাবছ আৰু নিছানকাৰ বাহিৰে বাকীসকল বেটাৰ ব্যর্থ হয়৷ ৰাহুলে ১৮, সমীৰ ৰিজভিয়ে ৬, অক্ষৰ পেটেলে ১ আৰু মিলাৰে ১৭ ৰান কৰে৷
চেন্নাইৰ হৈ জেমি অ’ভাৰটনে সর্বাধিক চাৰিটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰ সঞ্জু ছেমছনৰ দর্শনীয় অপৰাজিত শতক আৰু আয়ুস মাত্রেৰ অর্ধশতকৰ সহায়ত চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অ’ভাৰত দুটা উইকেট হেৰুৱাই ২১২ ৰান সংগ্রহ কৰে৷ চলিত আইপিএলত প্রথমগৰাকী বেটাৰ হিচাপে শতক অর্জন কৰাৰ নজিৰ গঢ়া ছেমছনে ৫৬টা বলত ১৫টা চাৰি আৰু ৪টা ছয়েৰে ১১৫ ৰান কৰি অপৰাজিত হৈ থাকে৷ প্রতিযোগিতাখনৰ প্রথম তিনিওখন মেচতে হতাশাজনক প্রদর্শন দাঙি ধৰা সঞ্জুৱে শতকীয় ইনিংছ খেলি নিজৰ ছন্দলৈ উভতি আহে৷ দলীয় স্ক’ৰ ৬২ ৰানত অধিনায়ক গাইকোৱাডৰ ৰূপত প্রথমটো উইকেট হেৰুৱাই চেন্নায়ে৷ গাইকোৱাডে ১৫ ৰান কৰি বিদায় লয়৷ অৱশ্যে সঞ্জুৱে আয়ুসৰ সৈতে দ্বিতীয় উইকেটত ১১৩ ৰান সংগ্রহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়৷ ব্যক্তিগত ৫৯ ৰানত আয়ুস ৰিটায়ার্ড আউট হয়৷ শিৱম ডুবেই ২০ ৰান কৰি অপৰাজিত হৈ থাকে৷ সঞ্জু আৰু শিৱমৰ মাজত তৃতীয় উইকেটত অপৰাজিতভাৱে সংগ্রহ হয় ৩৭ ৰান৷ দিল্লীৰ হৈ একমাত্র উইকেটটো লয় অক্ষৰে৷