নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিৰ অৱসৰ -ক লৈ মুখ খুলিলে মুখ্য নির্বাচক আগৰকাৰে

🔹 কোহলিৰ অৱসৰ -ক লৈ মুখ খুলিলে মুখ্য নির্বাচক আগৰকাৰে

🔹 এপ্রিলৰ আৰম্ভণিতে আমাক অৱগত কৰিছিল

নিউজ ডেস্ক, ২৫ মে’ : টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে ১২ মে’ত টেষ্ট ক্রিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল৷ কোহলিৰ টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱা সন্দর্ভত নানা জল্পনা–কল্পনা আৰম্ভ হৈছিল আৰু কোহলিৰ অৱসৰ সন্দর্ভত মুখ্য নির্বাচক অজিত আগৰকাৰে নীৰৱতা ভংগ কৰে৷ কালি এখন সংবাদ মেলযোগে ইংলেণ্ড ভ্রমণৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হয়৷ সংবাদ মেল সম্বোধন কৰি আগৰকাৰে কোহলিৰ অৱসৰ সন্দর্ভত মুকলিকৈ কয়৷ তেওঁ কয়- কোহলিয়ে এপ্রিল মাহৰ আৰম্ভণিতে আমাক অৱগত কৰিছিল৷ অর্থাৎ কোহলিয়ে অৱসৰ ঘোষণা কৰাৰ প্রায় ডেৰ মাহ পূর্বে বিচিচিআইক নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল৷ কোহলিৰ এই সিদ্ধান্তক সন্মান জনাইছে ব’র্ডে৷ অন্তিম অষ্ট্রেলিয়া ভ্রমণৰ সময়ত টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিছিল ৰবিচন্দ্রন অশ্বিনে৷ ৰোহিত শর্মায়ো কোহলিৰ কেইদিনমান পূর্বে ৰেড বল ক্রিকেটৰ পৰা বিদায় লৈছিল৷ তিনিজন খেলুৱৈ অবিহনে ইংলেণ্ড ভ্রমণ কৰিব ভাৰতে৷ আগৰকাৰে স্পষ্টকৈ কয় যে এই তিনিজনৰ অভাৱ পূৰণ কৰাটো সহজ নহয়৷ যেতিয়া ৰোহিত, কোহলি আৰু অশ্বিনৰ দৰে ক্রিকেটাৰে অৱসৰ লয় তেতিয়া এটা শূন্যতাৰ সৃষ্টি হয়৷ সেইটো পূৰণ কৰাটো সহজ নহয়৷ অৱশ্যে তেওঁলোকৰ অনুপস্থিতিয়ে আনক অধিক সুযোগ দিছে৷ টেষ্টৰ পৰা অৱসৰৰ বাবে কোহলিক হেঁচা দিয়া নাছিল ব’র্ডে৷ কোহলিয়ে নিজেই সিদ্ধান্ত লৈছিল৷ অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছতো ব’র্ডে তেওঁক পুনৰ বিবেচনা কৰিবলৈ পৰামর্শ দিয়ে৷ কিন্তু কোহলিয়ে সেই পৰামর্শৰ প্রতি কোনো গুৰুত্ব নিদিলে৷ তেওঁ নিজৰ সিদ্ধান্তত অটল থাকে৷ আগৰকাৰৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে কোহলিয়ে খৰখেদাকৈ অৱসৰ লোৱা নাছিল, কিন্তু প্রায় ডেৰ মাহ ধৰি এই বিষয়ে চিন্তা কৰিছিল৷

You might also like