নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্টৰ পূর্বে প্রশিক্ষক গম্ভীৰৰ অকল্পনীয় পদক্ষেপ

🔹 প্ৰতিপক্ষৰ চকুত ধূলি ঢালি দিয়াৰ পৰিকল্পনা

নিউজ ডেস্ক, ১৪ জুন : প্ৰতিপক্ষ ইংলেণ্ডৰ চকুত ধূলি ঢালি দিয়াৰ পৰিকল্পনা টীম ইণ্ডিয়াৰ প্রশিক্ষক গৌতম গম্ভীৰৰ৷ ঘৰুৱা দলটোৰ বিপক্ষে খেলিবলগীয়া টেষ্ট শৃংখলাটোৰ পূর্বে টীম ইণ্ডিয়াই যিখন ইনট্রা স্কোৱাড মেচ খেলিব, সেইখন বন্ধ দুৱাৰৰ মাজত অনুষ্ঠিত হ’ব৷ লাইভ ষ্ট্রিমিং নহ’ব, আনকি সংবাদ মাধ্যমেও খেলখন চোৱাৰ সুযোগ নাপাব৷ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ অনুৰোধত এই সিদ্ধান্ত গ্রহণ কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷

ইংলেণ্ডৰে খেলিবলগীয়া শৃংখলাটোৰ প্রস্তুতিৰ বাবে কালিৰে পৰা কেণ্টত ব্যক্তিগত অনুশীলন মেচত ভাগ লয় টীম ইণ্ডিয়াই৷ মেচখন ভাৰতীয় ‘এ’ দলৰ বিৰুদ্ধে অনুষ্ঠিত হয়৷ এই মুহূর্তত মূল ভাৰতীয় টেষ্ট দল আৰু ‘এ’ দল দুয়োটা ইংলেণ্ডত আছে৷ তাৰ সুযোগ লৈ অনুশীলন মেচৰ আয়োজন কৰা হৈছে৷ যাতে টেষ্ট দলৰ খেলুৱৈসকলে ইংলেণ্ডৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগতে মেচৰ পৰিস্থিতিৰ লগত খাপ খাব পাৰে৷ সিদ্ধান্ত লোৱা হৈছে যে এই মেচৰ ফলাফল যিয়েই নহওক কিয়, চাৰি দিনত ৩৬০ অভাৰ খেলিব৷ শেহতীয়াকৈ ভাৰতীয় ‘এ’ দলটোৱে ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে দুখন মেচ খেলিছিল আৰু দুয়োখন মেচ জিঅ’ হটষ্টাৰে লাইভ ষ্ট্রিম কৰিছিল৷ কিন্তু মুখ্য প্রশিক্ষক গম্ভীৰে ইনট্রা স্কোৱাড মেচখন সম্পূর্ণৰূপে বন্ধ দুৱাৰত খেলাৰ সিদ্ধান্ত লৈছিল৷ যাতে প্রতিপক্ষই ভিডিঅ’টো চাব নোৱাৰে বা মেচ চাই নিজৰ কৌশল নির্ণয় কৰিব নোৱাৰে৷

ব’র্ডে এক বিবৃতিত কয় যে এই ইনট্রা স্কোৱাড মেচখনৰ লাইভ ষ্ট্রিম কৰা নহ’ব৷ সংবাদ মাধ্যম বা দর্শককো এই মেচখন উপভোগৰ বাবে প্রৱেশ কৰিবলৈ দিয়া নহ’ব৷ এই পৰিকল্পনা গোপন কৰি ৰাখিবলৈ গম্ভীৰে মেচখন বন্ধ দুৱাৰৰ মাজত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ আৰম্ভণি একাদশৰ বিষয়েও তেওঁক কোনো ইংগিত দিবলৈ ইচ্ছুক নহয়৷ দলটোৱে খেলখনৰ অন্তিম দিনা সংবাদ মেল আয়োজন কৰি মেচখনৰ আপডেট দিব৷

উল্লেখ্য যে ইউৰোপীয় ফুটবল ক্লাবসমূহৰ মাজত বন্ধ দুৱাৰৰ কোঠা অতি পৰিচিত৷ গুৰুত্বপূর্ণ মেচৰ আগতে প্রশিক্ষকসকলে বন্ধ দুৱাৰৰ আঁৰত অনুশীলন কৰে৷ এই পৰিকল্পনা এনেদৰে কৰা হয় যাতে প্রতিপক্ষই দলৰ কৌশল আৰু পৰিকল্পনা নাজানে৷ গম্ভীৰেও ভাৰতীয় দলৰ বাবে একেই পৰিকল্পনা কৰিছে৷ উল্লেখ্য যে অহা ২০ জুনৰ পৰা দুয়ো দেশৰ মাজৰ প্রথমখন টেষ্ট অনুষ্ঠিত হ’ব৷

You might also like