ক’ৰোনাত আক্রান্ত ফ্রান্সৰ তাৰকা পগবা
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে ফ্রান্সৰ তাৰকা মিড ফিল্ডাৰ পল পগবা৷ দলটোৰ মেনেজাৰ ডিডিয়াৰ ডেছছাম্পছে আজি এই কথা ঘোষণা কৰে৷ তেওঁ কয় যে অহা ৫ ছেপ্ঢেম্বৰত ছুইডেনৰ বিৰুদ্ধে খেলিবলগীয়া নেচনছ লীগ ফুটবলৰ মেচৰ পূর্বে ফ্রান্সৰ তাৰকা পল পগবাৰ ক’ৰোনা টেষ্টৰ ফলাফল পজিটিভ পোৱা গৈছে৷ সেয়ে শেষ মুহূর্তত তেওঁক দলৰ পৰা বাদ দিয়া হৈছে৷
পগবাৰ সলনি ফ্রান্স দললৈ আমন্ত্রণ জনোৱা হৈছে প্রতিভাৱান মিড ফিল্ডাৰ এডৱার্ডো কামাভিংগাক৷ মানচেষ্টাৰ ইউনাইটেডৰ হৈ চমকপ্রদ প্রদর্শনেৰে বিশ্বৰ অজস্র ফুটবলপ্রেমীৰ মন জয় কৰা পগবাৰ শৰীৰত অৱশ্যে ক’ৰোনা ভাইৰাছৰ কোনো লক্ষণ দেখিবলৈ পোৱা নাই৷ নেচনছ লীগ ফুটবলত পগবাৰ অনুপস্থিতিত ফ্রান্স দলৰ আক্রমণ চম্ভালিব লাগিব কিলিয়ান এমবাপে, এণ্ট’ইনী গ্রিয়াজমেন, অলিভাৰ গিৰাউড আদিৰ দৰে অভিজ্ঞ তাৰকাই৷ মন কৰিবলগীয়া যে ইতিমধ্যে বিশ্বৰ কেইবাগৰাকী ফুটবলাৰ মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷