আইপিএললৈ সাজু ডেভিদ ৱার্নাৰ
নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ বিৰুদ্ধে খেলি সোমবাৰে আই পি এলত অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে ছানৰাইজার্ছ হায়দৰাবাদৰ অধিনায়ক ডেভিদ ৱার্নাৰ৷ এক ভার্চুৱেল সংবাদ মেলত অষ্ট্রেলিয়াৰ তাৰকাগৰাকীয়ে কয় যে তেওঁলোকৰ দলত কেইবাগৰাকীও প্রতিভাৱান খেলুৱৈ আছে, যিয়ে এইবাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰি উজলি উঠিব বুলি তেওঁ আশাবাদী৷
‘আই পি এলত প্রতিটো দল সমানেই শক্তিশালী৷ প্রতিটো দলৰ সৈতে আছে বিশ্বমানৰ খেলুৱৈ৷ আমাৰ দলটোও কেইবাগৰাকীও বিদেশী আৰু ভাৰতীয় খেলুৱৈৰে সমৃদ্ধ৷ চৌদিশৰ পৰা আমি এটা ভাৰসাম্য দল৷ কিন্তু উদীয়মান খেলুৱৈসকলে সুযোগৰ সদ্ব্যৱহাৰ কৰি উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷’ –অধিনায়ক ৱার্নাৰে এইদৰে কয়৷
কেন উইলিয়ামছন আৰু জনী বেয়াষ্ট’ৰ উপস্থিতিয়ে ছানৰাইজার্ছ হায়দৰাবাদৰ বেটিং শক্তি বৃদ্ধি কৰা বুলিও তেওঁ উল্লেখ কৰে৷ অধিনায়ক ৱার্নাৰে লগতে কয় যে ইংলেণ্ডৰ তাৰকা অ’পেনাৰ বেয়াষ্ট’ৰ সৈতে তেওঁ আই পি এলত ছানৰাইজার্ছৰ হৈ ইংনিছ মুকলি কৰিব৷