নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত আজি দিল্লী কেপিটেলছ পঞ্জাবৰ যুঁজ

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ  শেহতীয়া মেচৰ পৰাজয়ৰ পিছত শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্যৰে আজি সমুখসমৰত নামিব দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছ৷ ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত হোৱা দিল্লী কেপিটেলছে প্রশিক্ষক ৰিকী পণ্টিঙৰ ৰণনীতি অনুসৰি নতুন কৌশলেৰে খেলপথাৰত নামিবলৈ সাজু হৈছে৷

বিগত বর্ষৰ আই পি এলত চমক সৃষ্টি কৰা তাৰকা বেগী বলাৰ এনৰিছ নর্টজেৰ প্রত্যাৱর্তনে আজি ঋষভ পণ্ট বাহিনীৰ বলিং আক্রমণৰ চোক বৃদ্ধি কৰিব৷

উল্লেখ্য যে শেহতীয়া মেচখনত ক্রিছ মৰিছ আৰু ডেভিদ মিলাৰে দিল্লী কেপিটেলছৰ বলিং আক্রমণক তচনচ কৰি ৰাজস্থান ৰয়েলছলৈ ৰোমাঞ্চকৰ জয় কঢ়িয়াই আনিছিল৷

ইফালে, যোৱানিশা চেন্নাই ছুপাৰ কিংছৰ হাতত অপ্রত্যাশিত ব্যর্থতাৰ সন্মুখীন হোৱা পঞ্জাব কিংছে নতুন আৰম্ভণিৰ লক্ষ্যৰে দিল্লী কেপিটেলছক প্রত্যাহ্বান জনাবলৈ সাজু হৈছে৷ যোৱানিশা ব্যর্থ হোৱা অধিনায়ক লোকেশ ৰাহুল, মায়ংক আগৰৱাল, ক্রিছ গেইল আৰু নিকোলাছ পুৰানে আজি দীঘলীয়া ইনিংছ খেলাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ বেটিঙত ব্যর্থ হ’লেও বলিঙত অভিজ্ঞ বেগী বলাৰ মহম্মদ ছামি, জাই ৰিচার্দছন আৰু ৰাইলি মেৰেডিথে আকর্ষণীয় বলিঙেৰে পঞ্জাব কিংছৰ আত্মবিশ্বাস অটুট ৰাখিছে৷

খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷

You might also like