বিচিচিআইৰ সম্পাদক পদত দেৱজিৎ শইকীয়া
🔹 অসম তথা উত্তৰ–পূব ভাৰতৰ বাবে এক স্মৰণীয় মুহূর্ত
নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সম্পাদক হিচাপে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে দেৱজিৎ শইকীয়া৷ অসম ক্রিকেট সন্থাহ দেৱজিৎ শইকীয়াক উষ্ম ওলগ আৰু অভিনন্দন জনাইছে৷
ভাৰতীয় ক্রিকেট প্রশাসনৰ উচ্চতম স্তৰত অঞ্চলটোৰ ক্রমবর্ধমান প্রতিনিধিত্বক পুনৰ দৃঢ় কৰি তোলা এই সন্মানীয় নিযুক্তিয়ে অসম আৰু সমগ্র উত্তৰ–পূর্বাঞ্চলৰ বাবে এক অপৰিসীম গৌৰৱৰ মুহূর্ত হিচাপে থিয় দিছে৷ এই সন্মানীয় পদবীলৈ তেওঁক পুনৰবাৰ বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত কৰি বিচিচিআইৰ সদস্য ব’ৰ্ডসমূহে তেওঁৰ ওপৰত থকা অটল আস্থা আৰু বিশ্বাসৰেই যেন প্রতিফলন ঘটালে৷ এগৰাকী বিশিষ্ট ক্রিকেট প্রশাসক শইকীয়াই অসমৰ ক্রিকেট পৰিৱেশ গঢ় দিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ ৰাষ্ট্রীয় পর্যায়ত এই সন্মানীয় আসনলৈ ঘূৰি অহাটোত কেৱল তেওঁৰ ব্যক্তিগত উৎকর্ষই নহয়, দেশৰ এই অংশৰ পৰা ক্রিকেট–আকাংক্ষাৰ উত্থানকো প্রতিফলিত কৰিছে৷
অসম ক্রিকেট সন্থাৰ সম্পাদক ত্রিদিব কোঁৱৰ, উপ–সভাপতি ৰাজদীপ ওজা আৰু যুটীয়া সম্পাদক ৰাজেন্দ্র সিঙৰ নেতৃত্বত দেওবাৰে মুম্বাইস্থিত বিচিচিআইৰ মুখ্য কার্যালয়ত দেৱজিৎ শইকীয়াক সাক্ষাৎ কৰি সন্থাৰ হৈ তেওঁক আনুষ্ঠানিকভাৱে সম্বর্ধনা জনায়৷ অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে কয়– অসম আৰু উত্তৰ–পূব ভাৰতৰ বাবে এয়া এক গৌৰৱ আৰু ঐতিহাসিক মুহূর্ত৷ বিচিচিআইৰ সম্পাদক হিচাপে দেৱজিৎ শইকীয়া নির্বাচিত হোৱাটো আমাৰ অঞ্চলৰ বাবে এক অতি তাৎপর্যপূর্ণ মুহূর্ত৷ তেওঁৰ এই যাত্রাত বহুদিনীয়া কঠোৰ পৰিশ্রম, সততা আৰু খেলৰ প্রতি নিষ্ঠাই প্রতিফলিত হয়৷ তেওঁ অসম ক্রিকেটৰ বাবে এক পথ প্রদর্শক শক্তি হিচাপে পৰিগণিত হৈছে আৰু আমি নিশ্চিত যে ৰাষ্ট্রীয় পর্যায়ত তেওঁৰ উপস্থিতিয়ে পুনৰবাৰ ভাৰতীয় ক্রিকেটলৈ ইতিবাচক আৰু প্রগতিশীল দৃষ্টিভংগী কঢ়িয়াই আনিব৷
এচিএৰ সম্পাদক ত্রিদিব কোঁৱৰে লগতে কয়– ৰাষ্ট্রীয় পর্যায়ত আমাৰ নিজৰে এজনক পুনৰবাৰ আগবাঢ়ি যোৱা দেখি আমি সন্মানিত হৈছোঁ৷ তেওঁৰ সাফল্যই অসমৰ ক্রিকেট সমাজৰ যি সম্ভাৱনা আৰু সামর্থ্য বিদ্যমান, তাৰেই প্রতিফলন ঘটায়৷ আমি অন্তৰৰ গভীৰতম কোণৰ পৰা আন্তৰিক অভিনন্দন আৰু অকুণ্ঠ সমর্থন আগবঢ়াইছোঁ৷ বিচিচিআইৰ সম্পাদক হিচাপে পুনৰবাৰ তেওঁ উভতি অহাটো অসমৰ ক্রিকেট যাত্রাত এক ঐতিহাসিক অধ্যায় হিচাপে চিহ্ণিত হৈছে৷ তেওঁৰ এই গুৰুত্বপূর্ণ ভূমিকা পালনৰ ক্ষেত্রত অসম ক্রিকেট সন্থাই ইয়াৰ এপেক্স কাউঞ্চিলৰ সদস্য আৰু সমগ্র ৰাজ্য তথা উত্তৰ–পূর্বাঞ্চলৰ ক্রিকেট সম্প্রদায়ৰ সৈতে সম্পূর্ণ সমর্থন আগবঢ়াইছে৷ তেওঁৰ উদ্যমী আৰু দূৰদর্শী নেতৃত্বত ভাৰতীয় ক্রিকেটৰ অগ্রগতি প্রত্যক্ষ কৰিবলৈ আমি আটায়ে আগ্রহেৰে অপেক্ষা কৰি ৰৈছোঁ৷ অসম ক্রিকেট সন্থাৰ মুখ্য কার্যবাহী বিষয়া প্রীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্রকাশ৷