কাৰ গতি হ’ব ৰুদ্ধ… অপৰাজেয় দুই শক্তিৰ আজি ছেমিৰ মহাৰণ
আজি নিশা ডালাছত অনুষ্ঠিত হ’ব ফ্ৰান্স–স্পেইনৰ হাইভল্টেজ ছেমিফাইনেল মেচ। এই মেচখনে বিশেষ আকৰ্ষণ কঢ়িয়াই আনিছে। কিয়নো বিশ্ব ফুটবলৰ দুজন শ্ৰেষ্ঠ প্ৰতিভা কিলিয়ান এমবাপে আৰু লামিনে য়ামাল এই মেচখনত মুখামুখি হ’ব।
এমবাপে আৰু য়ামালে লা লিগাৰ বিখ্যাত এল ক্লাছিকোত ৰিয়েল মাদ্ৰিদ আৰু বাৰ্চিলোনাৰ হৈ কেইবাবাৰো মুখামুখি হৈছে। কিন্তু এইবাৰৰ মঞ্চ অধিক ডাঙৰ। কাৰণ এই মেচৰ বিজয়ী দলে বিশ্বকাপৰ ফাইনেলত খেলাৰ সপোন পূৰণ কৰাৰ সুযোগ লাভ কৰিব। নিয়মীয়া সময়ত ফ্ৰান্সৰ জয়ৰ সম্ভাৱনা ৪২.১%, স্পেইনৰ জয়ৰ সম্ভাৱনা ৩১.৮% আৰু অতিৰিক্ত সময়লৈ যোৱাৰ সম্ভাৱনা ২৬.১%
ফ্ৰান্স–স্পেইনৰ প্ৰথম ছেমিফাইনেলখন আমেৰিকাৰ টেক্সাছৰ আৰ্লিংটনত অৱস্থিত ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই ষ্টেডিয়ামত এই প্ৰতিযোগিতাৰ বাবে ৭০,৬৪৯জন দৰ্শকৰ আসনৰ ব্যৱস্থা আছে। এইবা বিশ্বকাপ ১৬খন চহৰত খেল অনুষ্ঠিত হৈছে আৰু ডালাছ ষ্টেডিয়ামত সৰ্বাধিক ৯ দিনীয়া মেচ অনুষ্ঠিত হৈছে।
দুয়োটা দলে এতিয়ালৈকে ৩৮খন মেচত মুখামুখি হৈছে। যত স্পেইনৰ জয় ১৮খন, ফ্ৰান্সৰ জয় ১৩খন আৰু ড্ৰ ৭খন। শেহতীয়া পাঁচখন মুখামুখিৰ ফলাফল এনেধৰণৰ-
- স্পেইন ৫-৪ ফ্ৰান্স (UEFA Nations League 2025 ছেমিফাইনেল)
- স্পেইন ২-১ ফ্ৰান্স (UEFA Euro 2024 ছেমিফাইনেল)
- স্পেইন ১-২ ফ্ৰান্স (UEFA Nations League 2021 ফাইনেল)
- ফ্ৰান্স ০-২ স্পেইন (আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচ, ২০১৭)
- ফ্ৰান্স ১-০ স্পেইন (আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচ, ২০১৪)
ফিফা বিশ্বকাপত দুয়োটা দলে মাত্ৰ এবাৰ মুখামুখি হৈছে। ২০০৬ চনৰ বিশ্বকাপৰ ৰাউণ্ড অৱ-১৬ পৰ্যায়ত ফ্ৰান্সে স্পেইনক ৩-১ গ’লত পৰাস্ত কৰিছিল। ফ্ৰান্সৰ হৈ গোল কৰিছিল ফ্ৰাংক ৰিবেৰি, পেট্ৰিক ভিয়েৰা আৰু জিনেদিন জিদানে।
ইউৰোপীয় চেম্পিয়নশ্বিপত দুয়োটা দলে ৫বাৰ মুখামুখি হৈছে। তাৰ ফলাফল ফ্ৰান্সৰ জয় – ২খন, স্পেইনৰ জয় – ২খন আৰু ড্ৰ – ১খন
শেষবাৰৰ বাবে মুখামুখি হৈছিল ইউৰো ২০২৪ৰ ছেমিফাইনেলত, য’ত স্পেইনে ২-১ গ’লত জয়লাভ কৰিছিল। সেই মেচত স্পেইনৰ হৈ গোল কৰিছিল লামিনে য়ামাল আৰু ডানি অলমোই।
বিশ্বকাপত দুয়োটা দলৰ সাফল্য এনেধৰণৰ- ফ্ৰান্স – ১৯৯৮, ২০১৮ আৰু স্পেইন – ২০১০। বিপৰীকে ইউৰো কাপত ফ্ৰান্স – ১৯৮৪, ২০০০, স্পেইন – ১৯৬৪, ২০০৮, ২০১২, ২০২৪। আনহাতে অলিম্পিক সোণৰ পদকত ফ্ৰান্স – ১৯৮৪ আৰু স্পেইন – ১৯৯২, ২০২৪।
বৰ্তমান ফ্ৰান্সৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে কিলিয়ান এমবাপে। এই বিশ্বকাপত তেওঁ ৮টা গোল আৰু ৩টা এছিষ্ট কৰি গোল্ডেন বুট দৌৰত শীৰ্ষত আছে। ইয়াৰ উপৰি উছমান ডেম্বেলে ৫টা গোল আৰু মাইকেল অলিছে ৫টা এছিষ্ট। ইফালে স্পেইনৰ সৰ্বাধিক গোলদাতা হৈছে মিকেল অ’য়াৰজাবাল, যিয়ে ৪টা গোল কৰিছে। ইয়াৰ লগতে মিকেল মেৰিনো ২টা গোল, মাৰ্ক কুকুৰেয়া ২টা এছিষ্ট আৰু লামিনে য়ামাল – ১টা গোল।
ফ্ৰান্সৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে তেওঁলোকৰ বিধ্বংসী আক্ৰমণভাগ। এমবাপে, ব্ৰেডলি বাৰ্কোলা, ডেম্বেলে আৰু অলিছে যিকোনো সময়তে মেচৰ গতি সলনি কৰিব পাৰে। গ্ৰুপ পৰ্যায়ত ফ্ৰান্সে ছেনেগাল আৰু নৰৱেৰ বিৰুদ্ধে গোল হজম কৰিছিল যদিও নকআউট পৰ্যায়ৰ তিনিওখন মেচত ক্লিন শ্বীট ৰাখিবলৈ সক্ষম হৈছে।
স্পেইনৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে তেওঁলোকৰ শক্তিশালী ৰক্ষণভাগ। এই বিশ্বকাপত ৫খন মেচত মাত্ৰ ১টা গোলহে হজম কৰিছে, আৰু সেইটো বেলজিয়ামৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত। অৱশ্যে আক্ৰমণভাগত দলটোৱে এতিয়াও নিজৰ সৰ্বোচ্চ ছন্দ বিচাৰি পোৱা নাই। শেষৰ দুয়োখন নকআউট মেচতে বিকল্প খেলুৱৈ মেৰিনোৰ অন্তিম মুহূৰ্তৰ গোলৰ সহায়ত জয়লাভ কৰিছে। ইনজুৰীৰ পৰা উভতি অহা য়ামালেও এতিয়াও নিজৰ সম্পূৰ্ণ সামৰ্থ্য প্ৰদৰ্শন কৰিব পৰা নাই।
ডিজিটেল ডেস্ক, ১৪ জুলাই