৩ দিনলৈ সাধাৰণ লোকৰ বাবে মুকলি ধোনীৰ ফার্ম হাউছ
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ গৃহ চহৰ ৰাঁচীৰ জনসাধাৰণৰ বাবে মহেন্দ্র সিং ধোনীয়ে হোলীৰ বিশেষ উপহাৰ আগবঢ়াইছে৷ আই পি এলত চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দিবলৈ সাজু হোৱা তাৰকাগৰাকীয়ে ৰাঁচীৰ ছেম্বোস্থিত তেওঁৰ ফার্ম হাউছ তিনিদিনলৈ সাধাৰণ লোকৰ বাবে মুকলি কৰি দিছে৷ ১৭, ১৮ আৰু ১৯ মার্চত যিকোনো লোকে ধোনীৰ ৪৩ একৰৰ ফার্ম হাউছত প্রৱেশ কৰি সতেজ শাক–পাচলি, ফলমূলকে ধৰি বিভিন্ন খাদ্য সামগ্রী সুলভ মূল্যত ক্রয় কৰিব পাৰিব৷
উল্লেখ্য যে প্রাক্তন ক্রিকেটাৰগৰাকীৰ ফার্ম হাউছত উৎপাদিত সতেজ শাক–পাচলি আৰু বিভিন্ন খাদ্য সামগ্রী ডুবাইলৈ ৰপ্তানি কৰা হয়৷ বিশেষকৈ ডুবাইৰ বজাৰত ধোনীৰ ফার্ম হাউছৰ ষ্ট্র’বেৰীৰ বিশেষ চাহিদা আছে৷ টীম ইণ্ডিয়াৰ বহু জয়ৰ নায়ক তাৰকা উইকেটৰক্ষকগৰাকীৰ্ ফার্ম হাউছৰ কৃষি বিশেষজ্ঞ ৰোশন কুমাৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ কৰা অনুসৰি হোলী উপলক্ষে তেওঁলোকে ফার্ম হাউছৰ উৎপাদিত ষ্ট্র’বেৰীৰ ২৫০ গ্রামৰ পেকেটৰ মূল্য ৫০ টকা ধার্য কৰিছে৷