নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মোৰ ল’ৰাৰ ১০ বছৰ নষ্ট কৰিলে ধোনী-কোহলি-ৰোহিতে’

🔹 বিশ্ববিজয়ী প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়কো তুলাধুনা সঞ্জুৰ পিতৃৰ

নিউজ ডেস্ক, ১৪ নৱেম্বৰ : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন মেচত পুত্ৰই শতক অৰ্জন কৰাৰ পিছতে সঞ্জু ছেমছনৰ পিতৃয়ে বিস্ফোৰণ ঘটায়। কেৰালাৰ প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীক অন্যায় কৰা বুলি দীৰ্ঘদিনীয়া অভিযোগ আছে। এতিয়ালৈকে সঞ্জুৰ সমৰ্থকে ছ’চিয়েল মিডিয়াত এই বিষয়ত বহু সময়ত মন্তব্য আগবঢ়াই আহিছে। এতিয়া ক্ৰিকেটাৰ সঞ্জুৰ দেউতাকে প্ৰত্যক্ষভাৱে এই সন্দৰ্ভত মন্তব্য কৰাত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। সঞ্জুৰ পিতৃয়ে এই সন্দভৰ্ত ভাৰতীয় দলৰ তিনিজন সফল অধিনায়কক জগৰীয়া কৰে। সাৰি নগ’ল বিশ্ববিজয়ী প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ো। সঞ্জু ছেমছনৰ পিতৃ বিশ্বনাথ ছেমছনে অলপতে এক সাক্ষাৎকাৰত কয়- ‘মোৰ ল’ৰাৰ কেৰিয়াৰৰ ১০ বছৰ ধ্বংস কৰা তিনি-চাৰিজন লোক আছে। তেওঁলোকে সঞ্জুক বিশ্বাসত ল’ব পৰা নাছিল। তাৰ ভিতৰত ধোনী, কোহলি, ৰোহিতৰ লগতে প্ৰাক্তন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ো আছে। তেওঁলোকে সঞ্জুক নিয়মীয়াকৈ সুযোগ নিদিলে।” বিশ্বনাথ ছেমছনে অভিযোগ কৰে যে এই চাৰিজনে সঞ্জুৰ কেৰিয়াৰ নষ্ট কৰিছে। সঞ্জুৰ ভাৰতীয় ক্ৰিকেটত প্ৰৱেশ কৰাৰ প্ৰায় দহ বছৰ হ’ল। ২০১৫ চনত তেওঁ মেন ইন ব্লু হিচাপে অভিষেক ঘটায়। নিয়মীয়াকৈ তেনেকুৱা সুযোগ নাপালে সেয়া সত্য। একে সময়তে এইটোও সঁচা যে কেৰালাৰ উইকেটকীপাৰ-বেটছমেনজনে একেবাৰে ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাছিল। যোৱা ১০ বছৰত ৰাষ্ট্ৰীয় দলৰ জাৰ্ছীত ১৬খন এদিনীয়া মেচ আৰু ৩৪খন টি-২০ মেচ খেলিছে সঞ্জুৱে। তেওঁ হয়তো কেইটামান ভাল ইনিংছ খেলিছিল, কিন্তু বেছিভাগ সময়তে বিফল হৈছিল। এই ধাৰাবাহিকতাৰ অভাৱৰ বাবে সঞ্জুৰ পিতৃয়ে প্ৰাক্তন প্ৰশিক্ষক-খেলুৱৈক দোষাৰোপ কৰে। সঞ্জুৱে সদায় বিতৰ্কৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰি অহাৰ বিপৰীতে সঞ্জুৰ পিতৃয়ে ধোনী-কোহলি-ৰোহিতক মুকলিকৈ আক্ৰমণ কৰাটোৱে বিতৰ্কৰ সৃষ্টি কৰাটো নিশ্চিত।

You might also like