ধোনীৰ ৭ নম্বৰ জার্ছীক অৱসৰ বিচিচিআইৰ
🔹 ধোনীৰ জার্ছী নম্বৰ সংৰক্ষণৰ সিদ্ধান্ত গ্রহণ ব’র্ডৰ
বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰ : ভাৰতীয় ক্রিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীয়ে পিন্ধা আইকনিক ৭ নম্বৰ জার্ছীটোক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ধোনীৰ জার্ছী নম্বৰটো সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ব’র্ডে৷ কোনো ভাৰতীয় ক্রিকেটাৰে এতিয়াৰে পৰা ধোনীৰ ৭ নম্বৰ জার্ছী পিন্ধিব নোৱাৰিব৷ কিংবদন্তি শচীন তেণ্ডুলকাৰৰ ১০ নম্বৰৰ পিছত এইবাৰ ধোনীৰ জার্ছীকো অৱসৰ দিলে বিচিচিআয়ে৷ ইতিমধ্যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ক্রিকেটাৰসকলক জনাইছে যে ধোনীৰ জার্ছী নম্বৰ আন কোনোৱে পিন্ধিব নোৱাৰিব৷ এতিয়া দলত থকা যুৱ ক্রিকেটাৰসকলক কোৱা হৈছে যে তেওঁলোকে ১০ নম্বৰ আৰু ৭ নম্বৰ জার্ছী পিন্ধিব নোৱাৰে৷ ২০২০ চনৰ ১৫ আগষ্টত আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা ধোনীয়ে অৱসৰ গ্রহণ কৰিছিল আৰু তেতিয়াৰে পৰা কোনো ভাৰতীয় ক্রিকেটাৰে ৭ নম্বৰ জার্ছী পৰিধান কৰা নাই৷ মহেন্দ্র সিং ধোনীয়ে এই ৭ নম্বৰ জার্ছীটো পিন্ধি দেশলৈ সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ সফলতাৰ ক্ষেত্রত তেওঁ সর্বকালৰ শ্রেষ্ঠ অধিনায়ক৷ এই ৭ নম্বৰ জার্ছী পৰিধান কৰি ধোনীয়ে এদিনীয়া বিশ্বকাপ, টি–২০ বিশ্বকাপ আৰু চেম্পিয়নছ ট্রফী ভাৰতক উপহাৰ দিছিল৷ সংবাদ প্রতিষ্ঠানৰে হোৱা এক বার্তালাপত বিচিচিআইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে যুৱ ক্রিকেটাৰসকলক জনোৱা হৈছে যে ধোনীয়ে পৰিধান কৰা ৭ নম্বৰ জার্ছীটোক অৱসৰ দিয়া হৈছে৷ ক্রিকেট জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ধোনীৰ জার্ছীটো সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে ব’র্ডে৷ নতুন ক্রিকেটাৰসকলে ৭ আৰু ১০ নম্বৰ জার্ছীৰ বাহিৰে বাকী সকলো নম্বৰ নিজৰ পছন্দ অনুসৰি ল’ব পাৰিব৷