নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংস্কৃতিক মহাসংগ্ৰামত পাটাছাৰকুছিৰ ৫৫০ প্ৰতিযোগী নিৰ্বাচিত

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ পৰা সাংস্কৃতিক প্ৰতিভাসমূহ উলিয়াই অনাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ৰ পাটাছাৰকুছি সমষ্টি ভিত্তিত চূড়ান্ত প্ৰতিযোগিতাসমূহ আজি বজালী জিলা সদৰ পাঠশালাত অনুষ্ঠিত হয় ৷ পাঠশালাৰ ভগৱতী ক্ষেত্ৰত অনুষ্ঠিত এই চূড়ান্ত প্ৰতিযোগিতাৰ কাৰ্যসূচীসমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷

উল্লেখ্য যে এই মহাসংগ্ৰামত পাটাছাৰকুছি সমষ্টিৰ পৰা মুঠ ৫৫০ গৰাকী প্ৰতিযোগী নিৰ্বাচিত হৈছে৷ ইয়াৰে জ্যোতি সংগীতত ১০২গৰাকী, বিষ্ণু ৰাভা সংগীতত ১২৬গৰাকী, ৰবীন্দ্ৰ সংগীতত ৫৬গৰাকী, ভূপেন্দ্ৰ সংগীতত ১৩৮গৰাকী, বিহু নৃত্য (দলীয়)ত ৮৫গৰাকী আৰু পৰম্পৰাগত লোকনৃত্যত ৪৩গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হয়৷ আজি নিৰ্বাচিত আটাইকেইগৰাকী প্ৰতিযোগীয়ে পৰৱৰ্তী সময়ত জিলা পৰ্যায়ত অংশগ্ৰহণ কৰিব পাৰিব৷ আজি নিৰ্বাচিত আটাইকেইগৰাকী প্ৰতিযোগীকে মন্ত্ৰী তথা স্থানীয় বিধায়ক দাসে আন্তৰিক শুভেচ্ছা জনায়৷ আজিৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ স’তে বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, অসম সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টিভিত্তিক সভাপতি দীপক বৰুৱাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে৷ উল্লেখ্য যে পৰৱৰ্তী সময়ত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৰাজ্যিক পৰ্যায়ত প্ৰথম পুৰস্কাৰপ্ৰাপকলৈ ১ লাখ টকা, দ্বিতীয় বিজয়ীলৈ ৭৫ হাজাৰ টকা আৰু তৃতীয় বিজয়ীলৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব। তদুপৰি বিভিন্ন পৰ্যায়ত স্থানপ্ৰাপকসকলকো পুৰস্কৃত কৰা হ’ব।

প্ৰেৰক কল্যাণ কলিতা

You might also like