আইপিএলত ২০০ মেচ খেলি ধোনীৰ অভিলেখ
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ আই পি এলত ২০০ মেচ খেলা প্রথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনী৷ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলপথাৰত নমাৰ লগে লগে তাৰকাগৰাকী এই মাইলষ্ট’নত উপনীত হয়৷ চেন্নাই ছুপাৰ কিংছৰ হৈ আই পি এলত তিনিটাকৈ খিতাপ জয় কৰা ধোনীয়ে প্রতিযোগিতাখনত এইপর্যন্ত ৪৫৬৮ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ আই পি এলত সর্বাধিক মেচ খেলাৰ তালিকাত ধোনীৰ পিছতে স্থান লাভ কৰিছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মা আৰু চেন্নাই ছুপাৰ কিংছৰ বাঁওহতীয়া বেটছমেন সুৰেশ ৰাইনাই৷ ৰোহিতে ১৯৭খন আৰু ৰাইনাই ১৯২খন মেচ খেলিছে৷