নিলাম হ’ব ডিয়েগ’ মাৰাডোনাই বিশ্বকাপত পৰিধান কৰা জার্ছী
নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ ফুটবলক সৌন্দর্যলৈ ৰূপান্তৰিত কৰা কিংবদন্তি মাৰাডোনাই ১৯৮৬ৰ বিশ্বকাপৰ সময়ত পৰিধান কৰা জার্ছী নিলামৰ বাবে মুকলি কৰা হ’ব৷ সম্প্রতি ইংলেণ্ডৰ মানচেষ্টাৰস্থিত ৰাষ্ট্রীয় ফুটবল মিউজিয়ামত সংৰক্ষিত হৈ থকা বহু স্মৃতিজড়িত জার্ছীটো শীঘ্রে নিলামৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি আমেৰিকাৰ এটা ক্রীড়া সংগঠনে প্রকাশ কৰিছে৷
উল্লেখ্য যে ১৯৮৬ৰ বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে বহুচর্চিত ‘হেণ্ড অফ গড’ গ’ল আৰু শতিকাৰ শ্রেষ্ঠ গ’ল কৰাৰ সময়ত আর্জেণ্টিনাৰ কিংবদন্তি মাৰাডোনাই এই জার্ছীটো পৰিধান কৰি আছিল৷ কিন্তু মেচৰ শেষত ফুটবলৰ ৰাজপুত্রই প্রতিপক্ষৰ খেলুৱৈ ষ্টিভ হ’জৰ সৈতে নিজৰ জার্ছীটো সালসলনি কৰিছিল৷ সেইসূত্রে মাৰাডোনাৰ বিখ্যাত জার্ছীটো এতিয়া মানচেষ্টাৰৰ ৰাষ্ট্রীয় ফুটবল মিউজিয়ামত সংৰক্ষিত হৈ আছে৷
আমেৰিকাৰ প্রতিষ্ঠানটোৱে আশা কৰা অনুসৰি ফুটবলৰ ৰাজপুত্রৰ বিশ্বকাপৰ জার্ছীটোৰ মূল্য নিলামত ২ মিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে ফুটবলৰ ঈশ্বৰ হিচাপে পৰিচিত মাৰাডোনাই যোৱা বুধবাৰে নিশা হূদৰোগত আক্রান্ত হৈ আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয়৷