নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰ চুক্তিৰে শান্তি প্রতিষ্ঠা নহয়

ওদালগুৰিৰ হৰিশিঙা–ভৈৰৱকুণ্ড হাগ্রামা মহিলাৰীৰ প্রচাৰ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ বিটিচি নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ‘গৰম’ হৈ পৰিছে বড়োভূমিৰ ৰাজনীতি৷ ভোটাৰ ৰাইজক আকর্ষিত কৰিবলৈ নির্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা ৰাজনৈতিক দল–প্রার্থীয়ে প্রচাৰ অভিযান তুংগত তুলিছে৷ ওদালগুৰি জিলাত আজি দুখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰি বিজেপি– ইউপিপিএলৰ সমালোচনাত সৰৱ হৈ পৰে বিপিএফৰ সভাপতি তথা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰী৷ ৩৬নং হৰিশিঙা পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী ত্রিদীপ দৈমাৰীৰ হৈ প্রচাৰ চলাই কবিৰাতলীত আয়োজিত নির্বাচনী সভাত দিয়া ভাষণত বিপিএফৰ সভাপতি মহিলাৰীয়ে কার্যতঃ বিটিআৰ চুক্তি নস্যাৎ কৰে৷ তেওঁ কয় যে বিটিআৰ চুক্তি শান্তি প্রতিষ্ঠাৰ নহয়, অশান্তি সৃষ্টি কৰাৰ বাবেহে কৰা হৈছে৷ এই চুক্তিখন কার্যকৰী কৰিলে বিটিআৰত ভয়ংকৰ অশান্তিৰ পৰিৱেশৰ সৃষ্টি হ’ব৷ বিপিএফৰ মুৰব্বীজনে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ইউপিপিএলৰ সভাপতি প্রমোদ বড়োকো এই প্রসংগতে সমালোচনাৰ লক্ষ্য কৰি লয়৷ তেওঁ কয় যে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে সকলোকে অন্ধকাৰত ৰাখি বিটিআৰ চুক্তি সম্পাদন কৰিছে৷ এই চুক্তিমতে বিটিআৰত চৰকাৰী খাচ মাটিত থকা লোকসকলক উচ্ছেদ কৰা হ’ব৷ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মিছাতেই সকলোকে মাটিৰ পট্টা দিব বুলি প্রলোভন দি আছে৷ কিন্তু বিপিএফ পুনৰ শাসনলৈ আহিলে আমি বিটিআৰ চুক্তি স্পর্শই নকৰোঁ৷ বিটিআৰ চুক্তি যেনেকৈ আছে তেনেকৈ থাকিব৷ আমি চৰকাৰ গঠনৰ পিছতেই বিটিআৰৰ চৰকাৰী খাচ মাটিসমূহত বসবাস কৰা সকলো জাতি–জনগোষ্ঠীৰ লোকৰ মাটি জৰীপ কৰি সকলোকে পট্টা প্রদানৰ ব্যৱস্থা কৰিম৷ তেওঁ নাম উল্লেখ নকৰাকৈয়ে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কটাক্ষ কৰি পুনৰ কয় যে ৰাজ্যৰ প্রভাৱশালী মন্ত্রী এজনে কৈছে বিজেপিয়ে ভিচিডিচি ভংগ কৰি দিব৷ কিন্তু মই ক’ম আমাৰ চৰকাৰ হোৱাৰ পিছত মই অসমৰ সকলো গাঁও পঞ্চায়ত ভংগ কৰি ৰাজ্যখনৰ সকলো ঠাইতে ভিচিডিচি বনাম৷ বিটিচি গঠনৰ সময়তে সাংবিধানিকভাৱে ভিচিডিচি গঠন কৰাৰ প্রক্রিয়া আৰম্ভ হৈছিল৷ এই প্রক্রিয়া কোনেও ভাঙি দিব নোৱাৰে৷ বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীকো তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে৷ তেওঁৰ অভিযোগ মতে, ১৯৯৯ চনত মাষ্টৰৰ চাকৰি দিয়াৰ প্রলোভনেৰে চাৰি কোটিৰো অধিক টকা সংগ্রহ কৰি আত্মসাৎ কৰিছিল বিশ্বজিৎ দৈমাৰীয়ে৷ বিটিআৰৰ মাটি ক্রয়–বিক্রয়ৰ বাবে প্রতিখন জিলাৰ পৰাই মাটি ক্রয়–বিক্রয়ৰ অনুমতি লাভৰ ব্যৱস্থাৰ লগতে নামজাৰীৰ পদক্ষেপ লোৱাৰ লগতে বিটিচিৰ ৪০টা বিভাগৰ চাকৰিৰ ক্ষেত্রতো স্থানীয় প্রার্থীসকলক অগ্রাধিকাৰ দিয়াৰো তেওঁ প্রতিশ্রুতি প্রদান কৰে৷ সভাত ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীয়ে ভাষণ দি কয় যে যাক আমি ৰাজ্যৰ অভিজ্ঞ আৰু প্রভাৱশালী ৰাজনীতিবিদ বুলি কৈছিলোঁ তেওঁলোকে এতিয়া বিটিচিৰ ক্ষমতা দখলৰ লোভত বহু তুচ্ছ–তাচ্ছিল্যৰ ভাষা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ এয়া অতিকৈ দুর্ভাগ্যজনক৷ ৰাজনীতি কৰাৰ অধিকাৰ সকলোৰে আছে৷ সকলোৱে মূল্যবোধৰ ৰাজনীতি কৰি নিজৰ নির্বাচনী ইছ্যু লৈ ৰাইজৰ ওচৰলৈ গৈ নিজৰ কথা ৰাখক৷ কিন্তু উন্নয়নৰ আৰু বিকাশৰ ৰাজনীতিৰে ভোটাৰক নিজৰ পক্ষত ৰখাৰ বিপৰীতে অতি নিম্ন স্তৰৰ ভাষাৰ প্রয়োগেৰে আনক তুচ্ছ–তাচ্ছিল্য কৰা ৰাজনীতি অন্ততঃ বিটিচিবাসীয়ে গ্রহণ নকৰে বুলি দৈমাৰীয়ে মন্তব্য কৰে৷ ওদালগুৰি জিলাৰ ৩৮নং ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ অন্তর্গত বান্দৰগুৰিত আন এখন নির্বাচনী সভাতো অংশগ্রহণ কৰে বিপিএফৰ মুৰব্বী মহিলাৰী আৰু মন্ত্রী দৈমাৰীয়ে৷ ৩৮নং ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বিপিএফ প্রার্থী ৰিপেন দৈমাৰীৰ হৈ চলোৱা এক প্রচাৰ অভিযানত বিপিএফৰ মুৰব্বী মহিলাৰীয়ে বিপিএফ বিটিচিৰ শাসনলৈ অহাৰ পিছতেই সকলো জাতি–জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা প্রদান কৰাৰ আশ্বাস প্রদান কৰে৷ দুয়োখন সভাত কণ্ঠশিল্পী ভৃগু কাশ্যপে ‘আকৌ আকৌ আকৌ এবাৰ, হাগ্রামা মহিলাৰীৰ চৰকাৰ’ শীর্ষক গীতৰ লগতে আন কেইবাটাও গীত পৰিৱেশন কৰি দর্শকক মুগ্ধ কৰি তোলাৰ বিপৰীতে কৌতুক অভিনেতা বিপুল ৰাভাই কৌতুক অভিনয়ৰ জৰিয়তে বিপিএফৰ হৈ প্রচাৰ চলায়৷ সভাত ‘হাংগামা মহিলাৰী’ খ্যাত মিমিক্রী আর্টিষ্ট কৃষ্ণ বাহাদুৰ ছেত্রীয়েও বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীৰ লগতে ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ মিমিক্রী কৰি দর্শকক বিপুল আনন্দ প্রদান কৰে৷

You might also like