নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্রিকেট দলক ধোনীৰ দৰে ফিনিছাৰৰ প্রয়োজন আছে: মাইকেল হ’ল্ডিং

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ বৃহৎ লক্ষ্যৰ পিছ লৈ জয় সাব্যস্ত কৰিবলৈ টীম ইণ্ডিয়াক মহেন্দ্র সিং ধোনীৰ দৰে খেলুৱৈৰ প্রয়োজন আছে৷ –অষ্ট্রেলিয়াৰ হাতত প্রথম এদিনীয়াত বিৰাট কোহলি বাহিনী ব্যর্থ হোৱাৰ পাছতে এই মন্তব্য আগবঢ়াইছে ৱেষ্ট ইণ্ডিজৰ একালৰ দুর্ধর্ষ বেগী বলাৰ মাইকেল হ’ল্ডিঙে৷ নিজৰ ইউ টিউব চেনেলত তেওঁ আজি কয় যে ভাৰতীয় দলত কেইবাগৰাকীও প্রতিভাৱান বেটছমেন আছে যদিও সম্প্রতি দলটোৱে এম এছ ধোনীৰ অনুপস্থিতি অনুভৱ কৰিছে৷

ধোনীৰ উপস্থিতিত টীম ইণ্ডিয়াই মিডল অভাৰত সাহসেৰে বেটিং কৰিব পাৰিছিল বুলিও হ’ল্ডিঙে উল্লেখ কৰে৷ লক্ষ্য অনুসৰণৰ ক্ষেত্রত ধোনী এগৰাকী পাকৈত খেলুৱৈ আছিল বুলি উল্লেখ কৰি ৱেষ্ট ইণ্ডিজৰ প্রাক্তন বেগী বলাৰগৰাকীয়ে লগতে কয় যে মাহীৰ উপস্থিতিয়ে প্রতিপক্ষৰ শিবিৰতো তীব্র চাপ সৃষ্টি কৰিছিল৷

মন কৰিবলগীয়া যে টীম ইণ্ডিয়াই কালি অষ্ট্রেলিয়াৰ বিৰুদ্ধে প্রথম এদিনীয়াত ৩৭৫ ৰানৰ লক্ষ্যৰ পিছ লৈ ৬৬ ৰানত পৰাজয়বৰণ কৰে৷

You might also like