নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৮৬ৰ মাৰাডোনাৰ পৰা ২০২২ৰ মেছিলৈঃ যন্ত্রণাৰ সুদীর্ঘ ইতিহাস আর্জেণ্টিনাৰ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰ: বিশ্বকাপ ফুটবল আৰম্ভ হৈছিল ১৯৩০ চনত৷ সেইবাৰেই প্রথম ফাইনেলত প্রৱেশ কৰিছিল আর্জেণ্টিনাই৷ ইয়াৰ পাছৰ ফাইনেল খেলাৰ বাবে তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছিল সুদীর্ঘ ৪৮ বছৰ৷ ১৯৭৮ত প্রথমবাৰ বিশ্বকাপ জয়ৰ সোৱাদ পাইছিল আর্জেণ্টিনাই৷ ডেনিয়েল পাছাৰেল্লাৰ নেতৃত্বত সেই স্বপ্ণ পূৰণৰ কাৰিকৰ আছিল মাৰি’ কেম্পেছ, লি’পোর্ডো লুকেৰ দৰে তাৰকা খেলুৱৈ৷ ইয়াৰ পূর্বে সমগ্র বিশ্বত পৰিচিতি লাভ কৰিছিল মাৰাডোনাই৷ কিন্তু ’৭৮ৰ বিশ্বকাপত স্থান পোৱা নাছিল মাৰাডোনাই৷ ১৯৮২ চনৰ বিশ্বকাপত মাৰাডোনাই স্থান লাভ কৰিলেও দলৰ বিজয় অভিযান সমাপ্ত হৈছিল দ্বিতীয় ৰাউণ্ডতে৷ ইয়াৰ পাছতে প্রশিক্ষকৰ দায়িত্ব গ্রহণ কৰে কার্লোছ বিলার্ডোৱে৷ ইয়াৰ লগে লগে আর্জেণ্টিনাৰ ফুটবলৰ ইতিহাসত আৰম্ভ হয় মাৰাডোনাৰ যুগ৷ ১৯৮৬ চনত দ্বিতীয়বাৰ বিশ্বকাপ জয় কৰে মাৰাডোনাৰ আর্জেণ্টিনাই৷ প্রতিযোগিতাৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মানো অর্জন কৰে তেওঁ৷ কিন্তু সেইবাৰ বিশ্বকাপত মাৰাডোনাৰ হাত ধৰি যি যাত্রাৰ সূত্রপাত হৈছিল, সেয়া বেছিদিন স্থায়ী নহ’ল৷ ১৯৯০ চনত ফাইনেলত প্রৱেশ কৰিলেও খিতাপ জয় কৰিবলৈ সক্ষম নহ’ল আর্জেণ্টিনা৷ ইয়াৰ পাছতে মূলতঃ পতনৰ সূত্রপাত আৰম্ভ হয়৷ ১৯৯৪ চনৰ বিশ্বকাপত ড্রাগ্ছ সেৱনৰ অভিযোগত মাৰাডোনাক নির্বাসিত কৰা হয়৷ ৰাজপুত্রহীন এই দলটোৱে প্রতিযোগিতাৰ প্রি–কোৱার্টাৰ ফাইনেলৰ পৰাই বিদায় লয়৷ ১৯৯৮ চনত আর্জেণ্টিনাক নেতৃত্ব প্রদান কৰে ডেনিয়েল পাছাৰেলাই৷ সেইবাৰো কোৱার্টাৰ ফাইনেলত মুখথেকেচা খায় আর্জেণ্টিনাই৷ ২০০২ চনৰ বিশ্বকাপত অন্যতম দাবীদাৰ হিচাপে অৱতীর্ণ হ’লেও গ্রুপ পর্যায়ৰ পৰাই দেশখনে বিদায় ল’বলগীয়া হৈছিল৷ আর্জেণ্টিনাৰ ফুটবল ইতিহাসত ঠিক তাৰ পৰাই আৰম্ভ হ’ল লি’নেল মেছিৰ যুগ৷ ২০০৬ৰ বিশ্বকাপত প্রথমবাৰৰ বাবে অৱতীর্ণ হয় মাৰাডোনাৰ উত্তৰসূৰী মেছিয়ে৷ আর্জেণ্টিনাৰ হৈ ছার্বিয়া আৰু মণ্টেনেগ্রোৰ বিৰুদ্ধে পৰিৱর্ত খেলুৱৈ ৰূপে নামিছিল তেওঁ৷ প্রথম মেচখনত মেছিয়ে গ’ল দিছিল যদিও সেইবাৰৰ বিশ্বকাপত পৰিৱর্ত হৈয়েই খেলিবলগীয়া হৈছিল৷ কোৱার্টাৰ ফাইনেলত জার্মানীৰ হাতত পৰাজিত হৈ বিদায় লৈছিল আর্জেণ্টিনাই৷ ২০১০ চনৰ বিশ্বকাপৰ পূর্বে অৱশ্যে নিজকে প্রতিষ্ঠা কৰি পেলাইছিল মেছিয়ে৷ সেইবাৰ আর্জেণ্টিনাৰ দায়িত্বত আছিল তেওঁৰে পূর্বসূৰী মাৰাডোনা৷ মেছিয়ে আছিল তেওঁৰ দলৰ প্রধান ফুটবলাৰ৷ কিন্তু সেইবাৰো কোৱার্টাৰ ফাইনেলত জার্মানীৰ হাতত স্বপ্ণভংগ হৈছিল মেছিৰ দলৰ৷ সুদীর্ঘ ২৮ বছৰৰ পাছত ২০১৪ চনৰ বিশ্বকাপত ফাইনেল খেলিছিল মেছিৰ আর্জেণ্টিনাই৷ মেছিক কেন্দ্র কৰিয়ে দল গঠন কৰিছিল প্রশিক্ষকে৷ সেইবাৰ গ্রুপ পর্যায়ত চাৰিটা গ’ল দিছিল মেছিয়ে৷ কিন্তু ফাইনেলত অতিৰিক্ত সময়ৰ গ’লত জার্মানীৰ হাতত পৰাস্ত হৈছিল মেছি বাহিনী৷ বহু প্রতীক্ষিত ট্রফীৰ কাষলৈ গৈ ব্যর্থ হ’ব লগা হৈছিল আর্জেণ্টিনা৷ ২০১৮ চনতো ব্যর্থ হৈছিল মেছি বাহিনী৷ কোনোমতে গ্রুপ পর্ব অতিক্রম কৰাৰ পাছত প্রি–কোৱার্টাৰ ফাইনেলত ফ্রান্সৰ হাতত পৰাজিত হৈছিল দলটো৷ সেইবাৰ কিলিয়ান এমবাপেৰ ধুমুহাত ছিন্ন–ভিন্ন হৈছিল আর্জেণ্টিনাৰ ৰক্ষণ বিভাগ৷ সাতটা বেলন ডি অ’ৰ, অলিম্পিকৰ স্বর্ণপদক, বার্চিলোনাৰ হৈ চেম্পিয়নছ লীগকে ধৰি বিশ্বৰ প্রায় সকলো সফলতা আঁজুৰি আনিছিল মেছিয়ে৷ কিন্তু তেওঁৰ কেবিনেটত আধৰুৱা হৈ ৰৈছিল এটি বিশ্বকাপ৷ ২০১৪ৰ পৰা ২০১৯ চনৰ ভিতৰৰ এই পাঁচ বছৰ আর্জেণ্টিনাৰ ফুটবল ইতিহাসত আটাইতকৈ কঠিন সময় হিচাপে পৰিগণিত হৈছে৷ দুবাৰ কোপা আমেৰিকাৰ ফাইনেলত উপনীত হৈও দলটো পৰাজিত হ’বলগীয়া হৈছিল৷ ৰাষ্ট্রীয় দলৰ পৰা অৱসৰ ঘোষণা কৰিছিল মেছিয়ে৷ কিন্তু ২৮ বছৰ পাছত ২০২১ চনত কোপা আমেৰিকা জয় কৰি যাত্রা আৰম্ভ কৰিছিল তাৰকা ফুটবলাৰগৰাকীয়ে৷ কালি নিশা কাটাৰৰ লুছাইল ষ্টেডিয়ামত মেছিৰ সেই যাত্রা সম্পূর্ণ হ’ল৷ ৩৭ বছৰ পাছত পুনৰ বিশ্বকাপ জয় কৰিলে আর্জেণ্টিনাই৷ এইবাৰ খিতাপ জয়ত মুখ্য ভূমিকা গ্রহণ কৰিলে মেছিয়ে৷ দুবছৰ পূর্বেই প্রয়াত হৈছে মাৰাডোনা৷ মেছি বাহিনীয়ে স্বপ্ণ স্পর্শ কৰা তেওঁ দেখা নাপালে৷ তথাপি মেছিয়ে মাৰাডোনাৰ বাবে আৰু সতীর্থসকলে মেছিৰ বাবে আর্জেণ্টিনাক উপহাৰ দিলে বিশ্বকাপ৷

You might also like