নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথত পৰিবহণৰ অভিযান ‘কুৰুক্ষেত্র’

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰ: ৰাজপথত প্রতিগৰাকী যাত্রীকে সুৰক্ষিত যাতায়াত ব্যৱস্থা প্রদানৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ উদ্যোগত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ নেতৃত্বত, জিলা এনফ’ৰ্চমেণ্ট পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্রাধিকাৰী ৰফিকুল ইছলামৰ উপস্থিতিত, শেহতীয়াকৈ নিযুক্ত পাঁচগৰাকী পৰিবহণ বিষয়াৰ উপৰি বৃহৎসংখ্যক এনফ’চমেণ্ট বিষয়া, যান–বাহন পৰিদর্শক, আৰক্ষীৰ সহযোগত   মহানগৰীৰ এবিচিৰ জি এছ ৰোড অঞ্চলত এক ব্যাপক জনসচেতনতা কার্যসূচী গ্রহণ কৰে৷ কার্যসূচীত অংশগ্রহণ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে আগন্তুক দিনত ৰাজ্যৰ ৰাজপথত স্বস্তৰৰ ৰাইজৰ সহযোগত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে পথ–সুৰক্ষা তথা যান–বাহন চালনাৰ নীতি–নিয়মসমূহৰ ক্ষেত্রত সকলোকে সজাগ আৰু সচেতন কৰাৰ উপৰি যান–বাহন আইন ভংগকাৰীক কঠোৰ সকীয়নি প্রদানৰ লক্ষ্যৰে এই ব্যাপক জনসচেতনতা কার্যসূচী গ্রহণ কৰা হয়৷

ইফালে, ৰাজপথত সুৰক্ষিত যাতায়াত ব্যাৱস্থা গঢ়ি তুলিবলৈ হ’লে যান–বাহনৰ যাৱতীয় নথি–পত্রসমূহ নৱীকৰণ কৰি ৰখাৰ লগতে সময়মতে যান–বাহনৰ যাৱতীয় কৰ পৰিশোধ কৰাটো অত্যন্ত গুৰুত্বপূর্ণ আৰু এয়া সকলোৰে নৈতিক দায়িত্ব আৰু কৰ্তব্য৷ সেয়ে আজিৰ জনসচেতনতা কার্যসূচীত পথ–সুৰক্ষাৰ বিভিন্ন দিশ দাঙি ধৰাৰ লগতে গুৱাহাটী মহানগৰীত ব্যক্তিগত, ব্যৱসায়িক আৰু বিভিন্ন উদ্যোগ খণ্ডই ১৮০ কোটিতকৈও অধিক টকাৰ যান–বাহনৰ যাৱতীয় কৰ পৰিশোধ কৰ্বিলৈ থকাৰ তথ্য সদৰী কৰি এই সকলো শ্রেণীৰ যান–বাহনৰ গৰাকীক অহা ৩১ ডিচেম্বৰৰ ভিতৰত যান–বাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি বাহনসমূহ বৈধ কৰি ৰাখিবলৈ সকীয়াই দিয়া হয়৷ অন্যথা যান–বাহন আইন ভংগকাৰী মালিক–কর্তৃপক্ষৰ বিৰুদ্ধে শীঘ্রে ‘কুৰুক্ষেত্র’ নামকৰণেৰে পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে অভিযান আৰম্ভ কৰাৰ হুংকাৰ দিয়ে সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে৷

যান–বাহন ক্রয় কৰিও সময়মতে কৰ–কাটল পৰিশোধ আৰু নথি–পত্র নৱীকৰণ নকৰাকৈ ৰাজপথত অন্যায়ভাৱে চলাচল কৰি থকা বাহন আৰু প্রতিমুহূর্ততে ৰাজপথৰ যাত্রী, যান–বাহনৰ গৰাকীক ন্যায় প্রদানৰ বাবে প্রস্তুত হৈ থকা পৰিবহণ বিভাগৰ মাজত অভিযান কুৰুক্ষেত্রত ন্যায়–ন্যায়ৰ যুঁজ হ’ব বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সকীয়াই দিয়ে৷ নৱনিযুক্ত পৰিবহণ বিষয়া লীয়েন হাজৰিকা, অর্পূব তালুকদাৰ, হীৰকজ্যোতি ডেকা, পূৰবী কলিতা আৰু ৰূপমিলি টেৰাংপিৰ উপস্থিতিত অনুষ্ঠিত জনসচেতনতা অনুষ্ঠানটিত আগন্তুক ৰদিন, ৩১ ডিচেম্বৰ আৰু নৱ্বর্ষ উদ্যাপনৰ আনন্দ উপভোগৰ নামত কোনোৱে যাতে অত্যধিক ৰাগিয়াল দ্র্ব্য সেৱন কৰি যান–বাহন নচলায়, দুচকীয়া বাহনত চালক–আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান, নিয়ন্ত্রিত গতিতহে যান–বাহন চলোৱা, যান–বাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰা আদি সন্দর্ভত ল’বলগীয়া সাৱধানতাৰ উপৰি এই শীতকালত চৌদিশ কুঁৱলীয়ে আবৃত হৈ থকা অৱস্থাত গাডী চালনাৰ ক্ষেত্রত মানি চলিবলগীয়া নীতি–নিয়ম সন্দর্ভত বিশদ আলোচনা কৰি এইক্ষেত্রত স্বস্তৰৰ ৰাইজৰ সহযোগিতা আহ্বান জনায়৷

You might also like