নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটাৰ বিশ্বকাপত নিলাম কৰা হ’ব মাৰাডোনাৰ হাতৰ স্পর্শ পোৱা বল

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ: নিলামত উঠিব ডিয়েগ’ মাৰাডোনাৰ ‘ঈশ্বৰৰ হাত’ৰ স্পর্শ পোৱা বলটো৷ ১৯৮৬ চনৰ বিশ্বকাপত আর্জেণ্টিনা আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত কোৱার্টাৰ ফাইনেল মেচখন এই বলটোৰেই খেলা হৈছিল৷ বলটো ইমানদিনে আছিল টিউনিচিয়াৰ ৰেফাৰী আলী বিন নাছেৰৰ হাতত৷ অহা ১৬ নৱেম্বৰত কাটাৰ বিশ্বকাপৰ বিশেষ অনুষ্ঠানৰ অংশ হিচাপে বলটো নিলাম কৰা হ’ব৷ আগ্রহীসকলে ২৮ অক্টোবৰৰ পৰা অনলাইনৰ জৰিয়তে নিলামত ভাগ ল’ব পাৰিব৷ বলটোৰ দাম ভাৰতীয় মুদ্রাত ২৩ কোটি ১৪ লাখ ২৩ হাজাৰ টকাৰ পৰা ২৭ কোটি ৭৬ লাখ ৫৩ হাজাৰ টকা পর্যন্ত হ’ব পাৰে বুলি আশা কৰা হৈছে৷ বলটো গ্রাহাম বাড নিলাম ঘৰৰ জৰিয়তে নিলাম কৰা হ’ব৷ সংস্থাটোৰ মুৰব্বী গ্রাহামে কয়– ‘মেচখন হেণ্ড বলৰ বাবে ফুটবল ইতিহাসত আটাইতকৈ বিখ্যাত আৰু আৱেগপূর্ণ মেচ ৰূপে পৰিগণিত হৈছে৷ বলটোৰ এই ইতিহাসৰ বাবেই আমি আশা কৰিছোঁ নিলামত ব্যাপক সঁহাৰি পোৱা যাব৷’ উল্লেখ্য যে ইংলেণ্ডৰ গ’লপোষ্টৰ সন্মুখত গ’লকীপাৰ পিটাৰ শিলটনে প্রতিৰোধ কৰাৰ চেষ্টা চলোৱাৰ সময়তে মাৰাডোনাই হেড কৰাৰ বাবে জঁপিয়াইছিল৷ শিলটনৰ অজ্ঞাতে মাৰাডোনাই বলটো হাতেৰে স্পর্শ কৰিছিল৷ সেই সময়ত ৰেফাৰী নাছেৰে তর্কিবই পৰা নাছিল৷ লগে লগে তেওঁ আর্জেণ্টিনাৰ হৈ গ’ল ঘোষণা কৰিছিল৷ এই গ’লটোক লৈ বিতর্ক সৃষ্টি হোৱাত মাৰাডোনাই মেচখনৰ পাছত কৈছিল– ‘কিছু পৰিমাণে মাৰাডোনাৰ হেড আছিল আৰু কিছু পৰিমাণে আছিল ঈশ্বৰৰ হাত৷’ এই কথাৰ পৰাই বুজা গৈছিল যে বলটোত তেওঁৰ হাত লাগিছিল৷ ইংলেণ্ডৰ বিৰুদ্ধে সেই মেচখনত দুটা গ’ল দিছিল মাৰাডোনাই৷ ইয়াৰে দ্বিতীয়টো গ’ল শতিকাৰ অন্যতম শ্রেষ্ঠ গ’ল ৰূপে পৰিগণিত হয়৷ ইংলেণ্ডৰ পাঁচগৰাকী ফুটবলাৰক কাবু কৰি এই অনবদ্য গ’লটো দিছিল আর্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে৷ মেচখনত ২–১ ব্যৱধানত বিজয়ী হয় আর্জেণ্টিনা৷ উল্লেখ্য যে সেই মেচখনত মাৰাডোনাই পৰিধান কৰা জার্ছিটো কিছুদিন পূর্বে প্রায় ৬৮ কোটি ৬০ লাখ ৬৮ হাজাৰ টকাত বিক্রী হৈছিল৷

You might also like