নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰাশ দৰ্শক, ব্যৰ্থ বিৰাট কোহলি, লগেই লগেই ফিল্ড ত্যাগ অনুৰাগীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ ৰঞ্জি ট্ৰফীতো অব্যাহত আছে বিৰাট কোহলিৰ দুৰ্বল ফৰ্ম। ৰে’লৱেৰ বিৰুদ্ধে খেলখনৰ প্ৰথম ইনিংছত মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি আউট হয় কোহলি। তেওঁ হিমাংশু সাংৱানেৰ বলত ক্লীন বল হৈছে। বিগত ১২ বছৰৰ পিছত বিৰাটে প্ৰথম ৰঞ্জি ট্ৰফী মেচ খেলিছিল যদিও ক্ৰিকেট খেলপথাৰত তেওঁৰ দুৰ্বল ফৰ্ম অব্যাহত আছে। দিল্লীৰ ইনিংছৰ ২৪ অভাৰত য়শ ধুল ৩২ ৰান সংগ্ৰহ কৰি আউট হোৱাত বিৰাটে বেটিং কৰিবলৈ আহিছিল। প্ৰথম অৱস্থাত বিৰাট কোহলিয়ে ভাল বেটিং কৰিছিল যদিও ২৮ অভাৰৰ চতুৰ্থ বলত ৰেলৱেৰ সোঁহাতৰ পেচাৰ হিমাংশু সাংৱানেই আউট কৰে। কোহলিৰ অফ ষ্টাম্পডাল উভালি গল হিংমাশুৰ বলত। উল্লেখ্য যে কালিৰে পৰা পৰা আৰম্ভ হৈছিল দিল্লী বনাম ৰেলৱেৰ খেলখন। খেলৰ প্ৰথম দিনাই অৰুণ জেটলী ষ্টেডিয়ামত ১৫ হাজাৰৰো অধিক লোক গোট খাইছিল। প্ৰথম দিনাই সমগ্ৰ ৰেলৱে দলটোৱে ২৪১ ৰান সংগ্ৰহ কৰি বল আউট হয়। যাৰ উত্তৰত দিল্লীয়ে প্ৰথম দিনাৰ খেলৰ শেষলৈকে এটা উইকেট হেৰুৱাই ৪১ ৰান সংগ্ৰহ কৰে। প্ৰথম দিনা দৰ্শকে বিৰাটৰ বেটিং চাবলৈ নাপালে, কিন্তু দ্বিতীয় দিনাও মাত্ৰ ১৫টা বল খেলি উইকেট হেৰুৱালে।

You might also like