নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ সুদীর্ঘ ১৬ বছৰৰ মূৰত পাকিস্তান ভ্রমণ কৰিবলৈ সন্মতি প্রকাশ কৰিছে ইংলেণ্ড ক্রিকেট দলে৷ ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে প্রকাশ কৰা অনুসৰি ভাৰতত ২০২১ৰ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ পূর্বে ইংলেণ্ডে পাকিস্তানত দুখন টি–২০ খেলিব৷
বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি ইংলেণ্ড দলটোৱে পাকিস্তানৰ বিৰুদ্ধে টি–২০ মেচ দুখন খেলাৰ পৰিকল্পনা গ্রহণ কৰা বুলি ব’র্ডে জানিবলৈ দিছে৷ কৰাচীত অনুষ্ঠিত হ’বলগীয়া মেচ দুখনত দিন ধার্য কৰা হৈছে ১৪ অক্টোবৰ আৰু ১৫ অক্টোবৰ৷ ‘২০০৫ চনৰ পিছত ইংলেণ্ড ক্রিকেট দলে প্রথমবাৰৰ বাবে পাকিস্তান ভ্রমণ কৰিব৷ উভয় দেশৰ বাবে এয়া এক ঐতিহাসিক মুহূর্ত হ’ব৷
ইংলেণ্ডৰ খেলুৱৈসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পাকিস্তান ক্রিকেট ব’র্ডে আমাক প্রতিশ্রুতি দিছে৷ এই সন্দর্ভত আমি ই চি বিৰ সৈতে পৰিস্থিতি সূক্ষ্মভাৱে পর্যবেক্ষণ কৰি আছোঁ৷’ ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’ডৰ মুৰব্বী টম হেৰিছনে এইদৰে কয়৷
মন কৰিবলগীয়া যে ২০০৯ত শ্রীলংকা ক্রিকেট দলৰ ওপৰত হোৱা ভয়ংকৰ সন্ত্রাসবাদী আক্রমণৰ পিছৰে পৰা পাকিস্তানত আন্তঃৰাষ্ট্রীয় ক্রিকেট মেচ বন্ধ হৈ আছিল৷ অৱশ্যে শেহতীয়াকৈ শ্রীলংকা, বাংলাদেশ আৰু জিম্বাব’ৱেই সন্ত্রাসজর্জৰ দেশখন ভ্রমণ কৰিছে৷