নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোৱাৰী হত্যাক লৈ শুৱালকুছিত চাঞ্চল্য অব্যাহত

অভিযুক্ত শহুৰ ৰবীন দাস–দেওৰ মুকুন্দ দাস পলাতক

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ শুৱালকুছিৰ সৰুলাহত ১৬ নৱেম্বৰৰ নিশা অন্তঃসত্ত্বা পিকুমণি দাসৰ ৰসহ্যজনক মৃত্যুৰ চাঞ্চল্য অব্যাহত আছে৷  ৰাইজৰ দাবীত সেও মানি জিলা প্রশাসনে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ সহযোগত স্বামী কার্তিক দাসৰ ঘৰৰ চৌহদতে মহিলাগৰাকীৰ
সম্পন্ন কৰা হয়৷ ইফালে পিকুমণি দাসৰ জ্যেষ্ঠ ভাতৃ কিশোৰ দাসে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে তেওঁৰ ভগ্ণীক স্বামীৰ পৰিয়ালে আজি কিছুদিন ধৰি শাৰীৰিক আৰু মানসিক নির্যাতন চলাই আছিল৷

এই কথা পিকুমণিয়ে নিজে শ্রীহাটীত থকা আত্মীয়ৰ আগত প্রকাশ কৰিছিল৷ এই কার্যত পিকুমণিৰ স্বামীৰ জ্যেষ্ঠ ভগ্ণী আৰু ভিনিয়েকে পূর্ণ সহযোগ আগবঢ়ায়৷ আনহাতে মৰণোত্তৰ পৰীক্ষাত পাঁচমহীয়া সন্তানটো ল’ৰা সন্তান বুলি চিনাক্ত হোৱাৰ কথাও দোহাৰে কিশোৰ দাসে৷ তেওঁ পুনৰ জানিবলৈ দিয়ে যে পিকুমণিৰ দেহৰ বিভিন্ন ঠাইত মাৰধৰ কৰাৰ চিন স্পষ্ট হৈ আছে৷

বিশেষকৈ হাত আৰু ডিঙিত ক’লা পৰি থকা চিহ্ণ বহুত আছে৷ কিশোৰ দাসৰ মতে ফেনৰ মাত্র এখন পাংখাত ওলমি আৰু মৃতদেহটো মাটিত আঁঠুকাঢ়ি থকা অৱস্থাত দেখিলেই অনুমান কৰিব পাৰি যে এইটো কেতিয়াও আত্মহত্যা হ’ব নোৱাৰে৷ ই এক পৰিকল্পিত হত্যাকাণ্ড৷ মৃতদেহ ওলোমাই ৰখা কোঠাটোৰ বিছনা আৰু গাৰু দুটাই হত্যাকাণ্ডটোৰ বহু ‘ক্লু’ দিব বুলি কিশোৰ দাসে উল্লেখ কৰি আৰক্ষী প্রশাসনক এই সামগ্রী ছীল কৰি ফৰেনছিকত পঠিয়াবলৈ আহ্বান জনায়৷

ইফালে এই হত্যাকাণ্ডৰ লগত জডিতসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীত স্থানীয় মহিলাসকলে কালি এটা সমদল উলিয়াই শুৱালকুছি থানাত উপস্থিত হয়৷ সমদলত অংশগ্রহণ কৰা মহিলাসকলে হাতে হাতে প্লে কার্ড লৈ এই হত্যাৰ বিচাৰ লাগে, হত্যাকাণ্ডত জডিতক ফাঁচি দিয়ক, মহিলাৰ ওপৰত চলা নির্যাতন বন্ধ কৰক আদি ধ্বনিৰে শুৱালকুছিৰ থানা চৌহদ উত্তাল কৰি তোলে৷

শুৱালকুছিৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত খৰতকীয়া কৰি এই ঘটনাৰ লগত জড়িতক গ্রেপ্তাৰ কৰি ন্যায়ালয়ৰ বিচাৰৰ জৰিয়তে দোষীয়ে উপযুক্ত শাস্তি পাব বুলি আশ্বাস দিয়াত উত্তেজিত মহিলাসকল শান্ত হৈ ঘৰলৈ উভতি যায়৷ শুৱালকুছিৰ আৰক্ষীয়ে ইতিমধ্যে মূল অভিযুক্ত কার্তিক দাসৰ লগতে ভিনিয়েক উৎপল দাস আৰু জ্যেষ্ঠ ভগ্ণী দীপুমণি দাসক গ্রেপ্তাৰ কৰিছে৷ আন দুগৰাকী অভিযুক্ত পিতৃ ৰবীন দাস আৰু ভাতৃ মকুন্দ মাধৱ দাস বর্তমান পলাতক অৱস্থাত আছে৷

You might also like