নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যদি ড০ হিমন্ত বিশ্ব শর্মা–হাগ্রামা মহিলাৰীৰ কাজিয়া সঁচা, বিপিএফৰ মন্ত্রীয়ে কৰক পদত্যাগ

বাক্সাৰ ছলিকান্দাত গণ সুৰক্ষা পার্টীৰ সভাত নৱ শৰণীয়া

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ হিমন্ত–হাগ্রামাৰ কাজিয়া ঘৰৰ কাজিয়া৷ একেখন থালত একেলগে খাইছিল, এতিয়া বেয়া হ’ল৷ এয়া হ’ল বুজাবুজি৷ এইবোৰ সকলো ভেল্কিবাজী৷ –এই মন্তব্য কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ৷ কালি বাক্সাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ অন্তর্গত
ছলিকান্দাত গণ সুৰক্ষা পার্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ এখন বিশাল গণ সমাৱেশত অংশগ্রহণ কৰি সাংসদ শৰণীয়াই হাগ্রামা মহিলাৰী, প্রমোদ বড়োৰ লগতে কংগ্রেছ–বিজেপিৰ বিৰুদ্ধে তীব্র বাক্যবাণ নিক্ষেপ কৰে৷

সভাত শৰণীয়াই কয়– যদি হিমন্ত–হাগ্রামাৰ কাজিয়া সঁচা, তেন্তে বিপিএফৰ তিনি মন্ত্রীয়ে পদত্যাগ কৰক৷ সভাখনত শৰণীয়াই কয় যে বিগত বছৰত হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিটিচি চৰকাৰখনে উন্নয়নৰ সলনি দুর্নীতিহে কৰিলে৷ হাগ্রামাৰ দিনত মনে মনে কামবোৰ কৰিছিল, কিন্তু প্রমোদ বডোৰ দিনত খোলাখুলিকৈ হ’ব৷ লাফিকুলৰ হত্যাকাৰীৰ লগত এনে ধৰণৰ ৰাজনৈতিক নেতা আছে বাবেই হত্যাকাৰী কৰায়ত্ত কৰিব পৰা নাই বুলি অভিযোগ তোলে সাংসদ শৰণীয়াই৷

সাংসদ শৰণীয়াই কয়– প্রমোদ বড়োৱে বিটিআৰ চুক্তিৰ জডিয়তে জনজাতিসকলক ভূমিৰ বিধায়িনী সুৰক্ষা প্রদান কৰিব৷ বিটিআৰ চুক্তিৰ বাবেই প্রমোদ বড়োৱে নির্বাচন খেলিবলৈ আহিছে৷ প্রমোদ বড়োৱে অবডো ৰাইজক সুৰক্ষা দিব নোৱাৰে৷ বিটিএডিত আমাৰ ঘৰত জুই লাগিছে, আমি নিজে নুমাব লাগিব৷ পূর্বৰ চুক্তিবোৰত অবড়ো ৰাইজক গুৰুত্ব নিদিলে৷ বিটিআৰ চুক্তিৰ সময়তো আমাক নামাতিলে৷

বিটিআৰ চুক্তিৰ দ্বাৰা বিজেপিয়ে অসমীয়া ভাষাটো শেষ কৰিলে৷ আগন্তুক নির্বাচন পোৱা–নোপোৱাৰ নির্বাচন৷ সাংসদ শৰণীয়াই লগতে প্রতিখন গাঁৱৰ উন্নয়নৰ বাবে ২০–৫০ লাখ টকা অনুদান দিয়াৰ লগতে মন্দিৰ–মছজিদ–গির্ আশ্রমৰ বাবে ১০ লাখকৈ টকাৰ অনুদান ঘোষণা কৰাৰ উপৰি প্রতিটো আত্মসহায়ক গোটক ১ লাখকৈ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা৷

ভাষণৰ পূর্বে শালবাৰী সমষ্টিৰ বাবে প্রস্তুত কৰি উলিওৱা এটা নির্বাচনকেন্দ্রিক গীত উন্মোচন কৰে সাংসদগৰাকীয়ে৷ গণ সুৰক্ষা পার্টীৰ শালবাৰী জিলা সমিতিৰ সভাপতি গুলজাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত বিশাল গণ সমাৱেশত অবডো সুৰক্ষা সমিতিৰ মুখ্য আহ্বায়ক ব্রজেন মহন্তই কয়– বিটিচি চুক্তিখনে অবডোৰ অধিকাৰ কাঢ়ি লৈ গৈছিল এইবাৰ বিটিআৰ চুক্তিয়ে অসমীয়া ভাষা নিঃশেষ কৰি পেলালে৷

সহযোগী ভাষা হ’লে মর্যাদা নাথাকে বাবে অসমীয়া ভাষাক সহযোগী ভাষা কৰিছে৷ বিটিআৰ চুক্তিৰ পূর্বে ১৯৯৩ চনত এখন চুক্তি হৈছিল, যিখন চুক্তি বড়ো জাতি উন্নয়নৰ বাবে বুলি কৈছিল৷ চুক্তিকাৰীসকলে কৈছিল শান্তি ঘূৰি আহিব৷ কিন্তু চুক্তিখনৰ পিছত শ শ মানুহক হত্যা কৰা হৈছিল৷ বেঁকী–পহুমাৰা নদীয়েদি শ শ মৃতদেহ উটি গৈছিল৷ তেতিয়াই বুজি উঠিছিলো শান্তি চুক্তি কি৷ এইবোৰৰ উদ্দেশ্য আছিল সুকীয়া বডোলেণ্ড ৰাজ্য প্রতিষ্ঠা কৰা৷

২০০৩ চনত আন এখন চুক্তি হ’ল৷ শান্তি চুক্তি৷ চুক্তিৰ পৰৱর্তী সময়ত দেখিলো আমাৰ কোনোধৰণৰ অধিকাৰ নোহোৱা হ’ল৷ মাটিৰ অধিকাৰ নোহোৱা হ’ল৷ ৰাজনৈতিক অধিকাৰ খর্ব কৰা হ’ল৷ বিটিচিত ট্ৰাইবেল নহ’লে নির্বাচন খেলিব নোৱাৰি বুলি গভীৰ উদ্বেগেৰে উল্লেখ কৰে ব্রজেন মহন্তই৷

২১নং শালবাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পার্টীৰ প্রার্থী চক্রধৰ দাসৰ সমর্থনত অনুষ্ঠিত বিশাল জন সমাৱেশৰ উদ্ভোধনী ভাষণ দি বিপিএফ, ইউ পি পি এলক ক্ষুৰদ্বাৰ সমালোচনা কৰে অবড়ো সুৰক্ষা সমিতি অসমৰ মুখপাত্র তথা সংগ্রামী যুৱ ছাত্র মঞ্চৰ উপদেষ্টা পংকজ দাসে৷ এই বিশাল জনসভাত লগতে ভাষণ দিয়ে সাহিত্যিক, বুদ্ধিজীৱী গণেশ চন্দ্র নাথ, ২০ নং মথনগুৰি সমষ্টিৰ প্রার্থী ইব্রাহীম আলী, অবডো সুৰক্ষা সমিতিৰ বিজনীৰ সভাপতি ৰত্নেশ্বৰ ৰয়, সম্পাদক দীপক দাসকে ধৰি কেইবাগৰাকী নেতা–কর্মী৷

You might also like