টি-২০ বিশ্বকাপ : ছেমিৰ আশা সজীৱ কৰি জয় ইংলেণ্ডৰ : ২০ ৰানত পৰাস্ত নিউজিলেণ্ড
বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ ব্রিজবেনত আজি অনুষ্ঠিত খেলখনত ইংলেণ্ডে নিউজিলেণ্ডক পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ইংলেণ্ডে ১৮০ ৰানৰ লক্ষ্য বান্ধি দিছিল। প্ৰত্যুত্তৰত নিউজিলেণ্ডৰ দলটোৱে মাত্ৰ ১৫৯ ৰানহে কৰে। ইংলেণ্ডৰ হৈ জছ বাটলাৰে অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৪৭টা বলত ৭৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ছেম কাৰানে ২টা উইকেট দখল কৰে। নিউজিলেণ্ডৰ হৈ গ্লেন ফিলিপছে ৬২ ৰানৰ ইনিংছ খেলে। ইংলেণ্ডে বান্ধি দিয়া লক্ষ্যৰে খেলি নিউজিলেণ্ডে দুৰ্বল আৰম্ভণি কৰে। মাত্ৰ ৩ ৰান সংগ্ৰহ কৰি আউট হয় অ’পেনাৰ ডেভন কনৱে। ফিন এলেনেও ১৬ ৰান সংগ্ৰহ কৰি আউট হয়। তাৰ পিছত অধিনায়ক কেন উইলিয়ামছনে গ্লেন ফিলিপছ যুটিয়ে দলটোক আগবঢ়াই নিয়ে যদিও শেষ ৰক্ষা নহল। উইলিয়ামছনে ৪০ ৰান কৰি আউট হয়। জেমছ নিছামেও অধিক সময় তিষ্ঠিব নোৱাৰিলে । ডেৰিল মিচেলেও সোনকালে আউট হয়। মাত্ৰ গ্লেন ফিলিপছে সুন্দৰ ইনিংছ খেলে যদিও বিজয় সাব্যস্ত কৰাব নোৱাৰিলে। তেওঁ ৩৬টা বলত ৬২ ৰান সংগ্ৰহ কৰে। ফিলিপছে ৪টা চাৰি আৰু ৩টা ছয় কোবায়। ইংলেণ্ডৰ হৈ ছেম কৰন আৰু ক্ৰীছ ৱকছে ২টাকৈ উইকেট দখল কৰে। প্ৰথমে বেটিং কৰি ইংলেণ্ডে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৯ ৰান সংগ্ৰহ কৰে। বাটলাৰৰ উপৰি এলেক্স হেলছেও ৫২ ৰানৰ সুন্দৰ ইনিংছ খেলে। লিভিংষ্টনে ২০ ৰানৰ বৰঙনি আগবঢ়ায়। নিউজিলেণ্ডৰ হৈ লকি ফাৰ্গুচনে ২টা উইকেট দখল কৰে।