নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলং-হোজাইৰ সীমান্তৱৰ্তী এলেকাত বালিৰ অবৈধ বেহা

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : কাৰ্বি আংলং আৰু হোজাইৰ সীমান্তবৰ্তী এলেকাত চলি থকা বালিৰ চোৰাং ব্যৱসায়ৰ বাবে চৰকাৰে মাহেকত লক্ষ লক্ষ টকা ৰাজহ হেৰুৱাব লগা হৈছে৷ পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনৰ বালি মহলৰ চালান ব্যৱহাৰ কৰি দৈনিক শ-শ ডাম্পাৰেৰে হয় চোৰাং বালি সৰবৰাহ৷ হোজাইৰ ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ ডিফু পথেৰে দৈনিক নিশা চোৰাংকৈ বালি সৰবৰাহ চলি থকাৰ পিছতো বন বিভাগে মৌনতা অৱলম্বন কৰাত ৰহস্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে হোজাই জিলাৰ যমুনাভেলী ৰেঞ্জ অফিচৰ কাষতে থকা কাৰ্বি আংলং জিলাৰ ডকমকা ৰেঞ্জ অফিচৰ অধীনস্থ দীঘলপানী নদীৰ পৰা অবৈধভাৱে সৰবৰাহ হয় বালি৷ দিনে নিশাই শ-শ ডাম্পাৰেৰে এক অসাধু চক্ৰই বালি কঢ়িয়াই কলা বজাৰত বিক্ৰী কৰি আহিছে৷ উল্লেখনীয় যে ইয়াত কোনো বৈধ মহল নাই৷ কিন্তু ইয়াৰ পৰা প্ৰায় ৭০ কি:মি: দূৰত থকা হামৰেন ডিভিজনৰ বৰপানী বালি মহল অ-ফৰ্ম ব্যৱহাৰ কৰি চলি আছে বালি সৰবৰাহ৷ যাৰ বাবে চৰকাৰে লক্ষ লক্ষ টকাৰ কৰ হেৰুৱাব লগা হৈছে৷ কিন্তু মাহেকত মোটা অংকৰ দৰমহা পোৱা বন বিভাগৰ বিষয়া কৰ্মচাৰী ৰহস্যজনক ভূমিকাৰ বাবে দল সংগঠন আৰু ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ এই ৰহস্যজনক ভূমিকাৰ বাবে কেতিয়াবা যদি হোজাই আৰক্ষীয়ে অবৈধ বালি ট্ৰাক জব্দ কৰি চোৰাং বালি মাফিয়াসকলক জেললৈ প্ৰেৰণ কৰিছে কেতিয়াবা আকৌ ৰাইজে এনে ট্ৰাক জব্দ কৰি ৰাজপথত ৰখাই থৈছে৷ যোৱানিশা ডবকাৰ ডিখাৰুমুখত চোৰাং বালি ট্ৰাক ৰাইজে জব্দ কৰি বন বিভাগক খৱৰ দিয়ে যদিও ফোন পোৱাৰ পিছতো ঘটনাস্থলীত উপস্থিত নহল বন বিভাগৰ কোনো লোক৷ অৱশেষত উপায়ান্তৰ হৈ ৰাইজে আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে জব্দ কৰে গাড়ীখন৷ এতিয়া প্ৰশ্ন হয় এই সকলো দেখি শুনি বন বিভাগে নিৰৱতা অৱলম্বন কৰি চোৰাং বালি মাফিয়াসকলক ৰক্ষনাবেক্ষন দিয়াৰ চেষ্টা কৰিছে নেকি? হোজাইৰ অভিভাৱক মন্ত্ৰী তথা অসমৰ বনমন্ত্ৰীয়ে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হব৷

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like