কাটাৰত সমকামিতা ‘অপৰাধ’: বিশ্বকাপৰ বিৰুদ্ধে বিক্ষোভ এলজিবিটিৰ
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ কাটাৰ বিশ্বকাপলৈ দিন চমু চাপি অহাৰ লগে লগে প্রতিবাদৰ চোক বৃদ্ধি পাইছে এল জি বি টি সংগঠনসমূহৰ৷ ফিফা আৰু কাটাৰ বিশ্বকাপৰ সর্বোচ্চ কমিটীৰ বিৰুদ্ধে বিক্ষোভ অব্যাহত ৰাখিছে আঠটাকৈ সংগঠনে৷ তেওঁলোকৰ অভিযোগ, কাটাৰত সমকামিতা অপৰাধ হিচাপে গণ্য কৰা হয়৷ সেইবাবে দেশখনত অনুষ্ঠিত বিশ্বকাপ চাবলৈ গ’লে তেওঁলোকৰ সুৰক্ষাক লৈ সমস্যা হ’ব পাৰে৷ কাটাৰক বিশ্বকাপৰ দায়িত্ব দিয়া ফিফাৰ উচিত হোৱা নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে৷
ইপিনে, বিশ্বকাপৰ আয়োজকসকলৰ তৰফৰ পৰা বাৰে বাৰে জনোৱা হৈছে যে কোনো সমকামী পুৰুষ অথবা মহিলা সমর্থক প্রতিযোগিতাখন উপভোগ কৰিবলৈ গ’লে তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্রত কোনো সমস্যা নহ’ব৷ কিন্তু সেই আশ্বাসতো নিশ্চিন্ত হ’ব পৰা নাই তেওঁলোক৷ নিজৰ অভিযোগ সম্পর্কে বিশ্বকাপৰ নিয়ামক সংস্থা ফিফালৈ তেওঁলোকে পত্রও প্রেৰণ কৰিছে৷ বিক্ষোভ প্রদর্শন কৰা ৮টা সংগঠনৰ ভিতৰত আছে ইংলেণ্ডৰ থ্রী লায়ন্স প্রাইড, ফুটবল ছাপ’টার্ছ ইউৰোপ, ইণ্ডিপেণ্ডেণ্ট ছাপ’টার্ছ কাউঞ্চিল নর্থ আমেৰিকা, ৱেলছ ৰেইনব’ ৱালৰ দৰে সংগঠন, এল জি বি টি সংগঠনসমূহৰ তৰফৰ পৰা আগবঢ়োৱা এক বিবৃতিত কোৱা হৈছে এইবুলি– ‘বিগত ডেৰ বছৰ ধৰি ফিফা আৰু কাটাৰ বিশ্বকাপৰ সর্বোচ্চ কমিটীৰ ওচৰত আবেদন জনোৱা হৈছে যাতে কাটাৰত সমকামী দর্শক, ফুটবলাৰ, ছাপ’ট ষ্টাফ আৰু সাংবাদিকসকলৰ সুৰক্ষাৰ সকলো ব্যৱস্থা কৰা হয়৷
কাটাৰত সমকামীসকলক কেনে ব্যৱহাৰ কৰা হয়, সেই কথা সকলোৰে জ্ঞাত৷ কিন্তু এই পর্যন্ত এই বিষয়ত কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাই৷’ সংগঠনসমূহৰ সদস্যসকলে জনাইছে যে ফিফাই তেওঁলোকৰ সুৰক্ষাৰ প্রতিশ্রুতি দিছে যদিও তেওঁলোক নিশ্চিন্ত হ’ব পৰা নাই৷ কাৰণ ইয়াৰ আগতে সমকামিতাক লৈ বহুবাৰ শিৰোনামলৈ আহিছে মধ্যপ্রাচ্যৰ কিছুমান দেশ৷ সমকামিতাৰ সৈতে কেনে ব্যৱহাৰ কৰা হয়, সেয়াও তেওঁলোকে দেখিবলৈ পাইছে৷ সেইবাবে প্রাণৰ সংশয়েৰে ফুটবলৰ মহাযজ্ঞত যোগ দিব বিচৰা নাই তেওঁলোকে৷