নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰবিৰোধী হালদিৰাম! কিয় ‘ঊৰ্দু’ত লিখিছে বিৱৰণ…

বিশেষ বাৰ্তা, ৬ এপ্ৰিলঃ সাংবাদিকতাৰ পৰিভাষা এনেকুৱা নে! পুনৰ সংবাদ শিৰোণামত এটা সংবাদ প্ৰতিষ্ঠান। সুদৰ্শন টিভি নামৰ এই চেনেলটোৱে ইছলামবিৰোধী বিষয় উপস্থাপনৰ বাবে উচ্চতম ন্যায়ালয়েও নিন্দা কৰিছিল। কিন্তু চৰকাৰে ইয়াৰ সম্প্ৰচাৰ চলাই থাকিব দিছিল। এইবাৰ হালদিৰামৰ স্নেক পেকেটক লৈ বিতৰ্কৰ সূত্ৰপাত কৰিব বিচাৰিছে চেনেলটোৱে। হালাল মাংস, হিজাব আৰু আজান বিবাদৰ পাছত হালদিৰামৰ পেকেটত কিয় ‘ঊৰ্দু’ত বিৱৰণ লিখা হৈছে তাকে লৈ টিভি চেনেলটোৰ সাংবাদিকে এখন দোকানত গৈ হাহাকাৰ লগায়। মেনেজাৰৰ সৈতে তৰ্কত লিপ্ত হৈছে সাংবাদিকগৰাকীয়ে। ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত সেই প্ৰতিবেদনে যথেষ্ট সমালোচিত হৈছে। কোনোৱে লিখিছে এইবাৰ হালদিৰাম ৰাষ্ট্ৰবিৰোধী হৈ গ’ল। মধ্যপ্ৰাচ্যত ব্যৱসায়ৰ বাবেই যে পেকেটত ঊৰ্দুতো লিখা হৈছে সেই কথা বহুজনে বুজাই দিয়ে। আন একাংশই ভাৰতীয় ৰে’ল বোৰ্ডয়েও ফলকত ঠাইৰ নাম হিন্দী, ইংৰাজীৰ উপৰি ঊৰ্দুত যে লিখে তাকে দেখুৱাইছে। ভাৰতীয় নোটতো যে ঊৰ্দুত লিপিত লিখা থাকে সেয়াও সোঁৱৰাই দিছে একাংশই।

You might also like