ৰণডংকা বাজিল ফিফা বিশ্বকাপৰ: সূচী ঘোষণা, কঠিন গ্রুপত জার্মানী–স্পেইন
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ চলিত বর্ষৰ নৱেম্বৰত কাটাৰত অনুষ্ঠিত হ’ব বিশ্বৰ আটাইতকৈ জনপ্রিয় ক্রীড়া প্রতিযোগিতা বিশ্বকাপ ফুটবল৷ যোৱানিশা এই বৃহৎ প্রতিযোগিতাখনৰ সূচী প্রকাশ কৰি ৰণডংকা বজালে ফুটবলৰ মুৰব্বী সংস্থা ফিফাই৷ মুঠ ৩২টা দলে অংশগ্রহণ কৰিবলগীয়া প্রতিযোগিতাখনৰ ইতিমধ্যে ২৯টা দল চূড়ান্ত হৈছে৷ প্লেফৰ জৰিয়তে বাকী তিনিটা দল নির্ধাৰিত হ’ব৷ ফিফাৰ সভাপতি ইনফেণ্টিনোৱে কয় যে কাটাৰ বিশ্বকাপেই হ’ব এই পর্যন্ত অনুষ্ঠিত শ্রেষ্ঠ বিশ্বকাপ৷ সভাপতিগৰাকীৰ এনে মন্তব্য কিমানদূৰ সঁচা হয় সেয়া সময়ে ক’ব যদিও গ্রুপ পর্যায়ৰ পৰাই যে প্রতিখন মেচ ৰোমাঞ্চকৰ হ’ব সেয়া নিশ্চিত৷ এইবাৰ বিশ্বকাপত পূর্বৰ নিচিনাকৈ কোনো ‘গ্রুপ অৱ ডেথ’ নাই যদিও গ্রুপ ‘ই’ অতিশয় কঠিনৰূপে পৰিগণিত হৈছে৷ এই গ্রুপত একেলগে আছে দুই হেভী ৱেইট দল জার্মানী আৰু স্পেইন৷ ইয়াৰ উপৰি গ্রুপ ২ত থাকিব জাপানৰ লগতে ক’ষ্টাৰিকা আৰু নিউজিলেণ্ডৰ মাজৰ যিকোনো এটা দল৷ ইপিনে লি’নেল মেছিৰ আর্জেণ্টিনা আৰু পোলেণ্ডে স্থান লাভ কৰিছে গ্রুপ ‘চি’ত৷ এই দল দুটাক প্রত্যাহ্বান জনাব মেক্সিকো আৰু ছৌদি আৰবে৷ মেছিৰ চিৰপ্রতিদ্বন্দ্বী ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ মুখামুখি হ’ব লুইছ ছুৱাৰেজ৷ গ্রুপ ‘এইচ’ত পর্তুগাল আৰু উৰুগুৱেৰ লগত আছে ঘানা আৰু দক্ষিণ কোৰিয়া৷ যোৱাবাৰৰ বিশ্ব চেম্পিয়ন ফ্রান্সে তুলনামূলকভাৱে সহজ গ্রুপত স্থান লাভ কৰিছে৷ গ্রুপ ‘ডি’ত এই শক্তিশালী দলটোৰ লগত আছে ডেনমার্ক আৰু টিউনিছিয়া৷ প্লেফ খেলি ৪ নম্বৰ স্থান পূর্ণ কৰিব অষ্ট্রেলিয়া, সংযুক্ত আৰব আমিৰশ্বাহী আৰু পেৰুৰ মাজৰ যিকোনো এটা দলে৷ গ্রুপ ‘এ’ত নেদাৰলেণ্ডৰ সৈতে স্থান লাভ কৰিছে আয়োজক দেশ কাটাৰ, ইকুৱেডৰ আৰু ছেনেগালে৷ গ্রুপ ‘বি’ত আছে ইউৰো কাপৰ ৰানার্ছ ইংলেণ্ডৰ লগতে ইৰান আৰু আমেৰিকা৷ তদুপৰি স্কটলেণ্ড, ৱেলছ আৰু ইউক্রেইনৰ মাজৰ যিকোনো এটা দলে এই গ্রুপত স্থান লাভ কৰিব৷ যোৱাবাৰ বিশ্বকাপৰ ৰানার্ছ ক্র’ৱেছিয়াই স্থান লাভ কৰিছে গ্রুপ ‘এফ’ত৷ এই দলটোৰ মুখামুখি হ’ব শক্তিশালী বেলজিয়ামৰ উপৰি কানাডা আৰু মৰক্কো৷ পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্রাজিলে গ্রুপ ‘জি’ত স্থান অর্জন কৰিছে৷ নেইমাৰৰ এই দলটোৱে ছার্বিয়া, ছুইজাৰলেণ্ড আৰু কেমেৰুনৰ বিৰুদ্ধে গ্রুপত অৱতীর্ণ হ’ব৷