নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ফুটবল ফেডাৰেচনৰ নির্বাচনত সভাপতিৰ দৌৰত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতিৰ নির্বাচনত যুঁজত নামিব পাৰে প্রাক্তন কেন্দ্রীয় ক্রীড়ামন্ত্রী সর্বানন্দ সোণোৱাল৷ ইপিনে, প্রাক্তন ফুটবলাৰসকলৰ একাংশই ফেডাৰেচনৰ সভাপতি পদত বিচাৰিছে বাইচুং ভুটিয়াক৷ সেয়া হ’লে সোণোৱালৰ সৈতে প্রতিদ্বন্দ্বিতা হ’ব পাৰে বাইচুঙৰ৷ ৫৯ বছৰীয়া সর্বানন্দ সম্প্রতি কেন্দ্রীয় জাহাজ, বন্দৰ, জলপথ আৰু আয়ুস বিভাগৰ মন্ত্রী৷ অসম ফুটবল সন্থাৰ ওচৰত সোণোৱালে ফেডাৰেচনৰ সভাপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্রকাশ কৰিছে৷ অৱশ্যে অসমৰ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে এই প্রসংগত কোনো মন্তব্য প্রকাশ কৰা নাই৷

উল্লেখ্য যে সভাপতি পদত নির্বাচন খেলিবলৈ সোণোৱালে বিজেপিৰ অনুমতি ল’ব লাগিব৷ ক্রীড়া প্রশাসনত পূর্বেও জড়িত আছিল সর্বানন্দ৷ এসময়ত অসম অলিম্পিক সন্থাৰ সভাপতি আছিল তেওঁ৷ অসম ফুটবল সন্থাৰ এজন কর্মকর্তাই কয়–ফেডাৰেচনৰ সভাপতি নির্বাচনক লৈ অসম ফুটবল সন্থাৰ সভাপতিৰ ওচৰত ইচ্ছা প্রকাশ কৰিছে সোণোৱালে৷ তেওঁ সভাপতি পদৰ বাবে যুঁজত নামিব৷ আমি তেওঁকেই সমর্থন জনাম৷ সোণোৱালে প্রাথমিকভাৱে কথা পাতিছে যদিও এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই৷ প্রাক্তন ফুটবলাৰসকলৰ একাংশই ফেডাৰেচনৰ সভাপতি পদত ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক বাইচুং ভুটিয়াক বিচাৰিছে৷ কিছুদিন পূর্বে বাইচুঙে জনাইছিল যে তেওঁ এনে কোনো ফুটবলাৰক ফেডাৰেচনৰ সভাপতি হোৱাটো বিচাৰে, যিয়ে দেশৰ হৈ দীর্ঘদিন ফুটবল খেলিছে৷ তেতিয়াহে ভাৰতীয় ফুটবলৰ উন্নতি হ’ব৷ সভাপতি পদৰ বাবে প্রতিদ্বন্দ্বিতা কৰিবলৈ হ’লে ১৭–১৯ আগষ্টৰ ভিতৰত মনোনয়ন পত্র জমা দিব লাগিব৷ ২২–২৪ আগষ্ট পর্যন্ত মনোনয়ন প্রত্যাহাৰৰ সুযোগ থাকিব৷ ২৫ আগষ্টত চূড়ান্ত প্রার্থী তালিকা প্রকাশৰ পাছত ২৮ আগষ্টত ফেডাৰেচনৰ নির্বাচন অনুষ্ঠিত হ’ব৷ এই নির্বাচনত ৩৬খন ৰাজ্যৰ ৰাজ্যিক সংস্থাৰ প্রতিনিধিসকলৰ উপৰি ভোট দিব ৩৬গৰাকী ফুটবলাৰে৷ ইয়াৰ ভিতৰত ২৪জন পুৰুষ আৰু ১২গৰাকী মহিলা ফুটবলাৰ থাকিব৷

You might also like