নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক বোমাৰে হত্যাৰ ভাবুকি

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক বোমাৰে হত্যা কৰাৰ ভাবুকি দিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে বিজেপিৰ নেতা দেৱেন্দ্র তিৱাৰীৰ বাসগৃহত এটা বেগত লাভ কৰা পত্রত মুখ্যমন্ত্রী যোগী আদিত্যনাথ আৰু তিৱাৰীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে৷ লক্ষ্ণৌৰ আলমবাগস্থিত তিৱাৰীৰ বাসগৃহত এই ভাবুকি–পত্র লাভ কৰাৰ পিছতে আৰক্ষীয়ে অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰিছে৷ ভাবুকি–পত্রৰ পিছত আৰক্ষীয়ে অঞ্চলটোত সন্দেহজনক ব্যক্তিৰ ওপৰত সূক্ষ্ম নিৰীক্ষণ ৰাখিছে৷ আনপিনে আজাদী কা অমৃত মহোৎসৱত বিভিন্ন বেনাৰত মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ আলোকচিত্র ক’লা ৰঙেৰে মচি দিয়াৰ ঘটনা সংঘটিত হৈছে৷ এই ঘটনাক লৈ জিলা দণ্ডাধীশ ৰবি ৰঞ্জনে চিচি টিভিৰ ফুটেজ নিৰীক্ষণ কৰি দুর্বৃত্তক চিনাক্ত কৰি কৰায়ত্ত কৰাৰ নির্দেশ দিয়ে৷

You might also like