নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমনৱেলথত ভাগ লোৱা খেলুৱৈক সম্বর্ধনা প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: কমনৱেলথ গেমছত অংশ লোৱা দেশৰ ক্রীড়াবিদসকলৰ সৈতে মত বিনিময় কৰি ভাৰতীয় ক্রীড়াৰ সোণালী দিনে দুৱাৰত টোকৰ মাৰিছে বুলি মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আজি প্রধানমন্ত্রীগৰাকীয়্ তেওঁৰ বাসগৃহত খেলুৱৈসকলক সম্বর্ধনা জ্ঞাপন কৰে৷ ভাৰতীয় ক্রীড়া প্রাধিকৰণ (ছাই)ৰ অ’ফিচিয়েল টুইটাৰত খেলুৱৈসকলে প্রধানমন্ত্রীৰ সৈতে মত বিনিময় কৰাৰ ছবি প্রকাশ কৰিছে৷ এথলীটসকলৰ সৈতে বার্তালাপ কৰাৰ সময়ত প্রধানমন্ত্রীগৰাকীয়্ কয়– তোমালোকৰ ব্যস্ত সূচীৰ মাজতে মোৰ বাসগৃহলৈ আহি মোক সাক্ষাৎ কৰা বাবে মই অতিশয় সুখী হৈছোঁ৷ মই অন্য ভাৰতীয়সকলৰ দৰে তোমালোকক লৈ গৌৰৱান্বিত৷ সকলোকে মই সম্ভাষণ জনাইছোঁ৷ এয়া আমাৰ যুৱশক্তিৰ ভাৰতীয় ক্রীড়াৰ সোণালী যুগৰ আৰম্ভণি৷

বিগত কেইসপ্তাহমানৰ ভিতৰতে ভাৰতে ক্রীড়াক্ষেত্রত দুটাকৈ বৃহৎ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে৷ কমনৱেলথ গেমছত ঐতিহাসিক প্রদর্শনৰ উপৰি প্রথমবাৰৰ বাবে দেশে আয়োজন কৰিছে দবা অলিম্পিয়াড৷ তেওঁ লগতে কয় যে ভাৰতে কেৱল সফলতাৰে দবা অলিম্পিয়াড আয়োজন কৰাই নহয়, এই প্রতিযোগিতাত পৰম্পৰা অনুসৰি উন্নত প্রদর্শনো দাঙি ধৰিছে৷ মই অলিম্পিয়াডত পদক অর্জন কৰা খেলুৱৈসকলকো অভিনন্দন জনাইছোঁ৷ উল্লেখ্য যে ভাৰতীয় মহিলা ক্রিকেট দলে প্রথমবাৰৰ বাবে কমনৱেলথ গেমছত অংশগ্রহণ কৰি ৰূপৰ পদক জয় কৰিছে৷ ‘হৰমনপ্রীত কৌৰৰ নেতৃত্বত ভাৰতে ক্রিকেটত সুন্দৰ প্রদর্শন দাঙি ধৰিছে৷ সকলো খেলুৱৈয়ে ভাল খেলিছে আৰু ৰেণুকা সিঙে সুন্দৰ বলিং কৰিবলৈ সক্ষম হৈছে৷ তেওঁ প্রতিযোগিতাখনত সর্বাধিক উইকেট দখল কৰিছে৷’ –মোদীয়ে এইদৰে কয়৷

You might also like