নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত শ্যামলা সুন্দৰী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা

🔹 চেম্পিয়ন অইল এফ চি দুলীয়াজান

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : ধুবুৰীৰ স্থানীয় ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত শ্যামলা সুন্দৰী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখনৰ আজিৰ ফাইনেল খেলখন ইউনাইটেড চিৰাংদুৱাৰ এফ চি আৰু অইল এফ চি দুলীয়াজানৰ মাজত অনুষ্ঠিত হয়। তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত অইল এফ চি দুলীয়াজানে চিৰাংদুৱাৰ এফ চিক ১-০ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে। খেলখনৰ একমাত্ৰ গ’লটো দিয়ে অইল এফ চি দুলীয়াজানৰ ৯ নং জাৰ্ছী পৰিচিত অমন ছেত্ৰীয়ে। খেলখনৰ অন্তত হোৱা বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথ। ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত এইবেলিৰ ৩৬ সংখ্যক শ্যামলা সুন্দৰী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখনৰ চেম্পিয়ন দল অইল এফ চি দুলীয়াজানক শ্যামলা সুন্দৰী ট্ৰফী আৰু নগদ ১ লাখ টকা ধনেৰে পুৰস্কৃত কৰা হয়। আনহাতে ৰানাৰ্চ আপ ইউনাইটেড চিৰাংদুৱাৰ এফ চিক ৰানাৰ্চ আপ ট্ৰফী আৰু নগদ ৫০ হাজাৰ টকা প্ৰদান কৰা হয়। আনহাতে, প্ৰতিযোগিতাখনৰ আজিৰ ফাইনেল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাৰূপে ট্ৰফী আৰু নগদ ২৫ হাজাৰ টকা লাভ কৰে অইল এফ চি দুলীয়াজানৰ অমন ছেত্ৰীয়ে। উল্লেখ্য যে ১৯৫২ চনতেই আৰম্ভ হোৱা ধুবুৰীৰ এই শ্যামলা সুন্দৰী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখন ২৮ বছৰীয়া এক দীঘলীয়া বিৰতিৰ পিছত এইবেলি পুনৰ অনুষ্ঠিত হয়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like