নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জি স্কিম : শুভমন গিলসহ ৪ ক্রিকেটাৰৰ নাম জড়িত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ জানুৱাৰীঃ গুজৰাট আৰক্ষীৰ চিআইডিৰ এটা দলে ৪৫০ কোটি টকাৰ চিট–ফাণ্ড কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰিছে৷ এহ চিট–ফাণ্ড কেলেংকাৰিত নাম সাঙোৰ খাই পৰিছে ভাৰতীয় ক্রিকেট দলৰ অ’পেনাৰ শুভমন গিলৰ নাম৷ কেৱল গিলৰে নহয়, আইপিএলৰ গুজৰাট টাহটানছৰ অধিনায়কগৰাকীৰ লগতে ফ্রেঞ্চাহজীটোৰ আন তিনি ক্রিকেটাৰ ক্রমে ছাই সুদর্শন, ৰাহুল টেৱাটিয়া, মোহিত শর্মাৰো নাম এই কেলেংকাৰিৰ সৈতে জড়িত হৈছে৷ সেয়ে বিষয়টোৰ সন্দর্ভত সোধা–পোছাৰ বাবে চিআইডিয়ে এই চাৰিওগৰাকী ক্রিকেটাৰৰ বিৰুদ্ধে চমন জাৰি কৰিব৷ গুজৰাট আৰক্ষীৰ চিআহডি ব্রাঞ্চে পঞ্জি স্কিমৰ সন্দর্ভত ভূপেন্দ্র সিং জালা নামৰ এজন ব্যক্তিক জেৰা কৰাৰ সময়ত তেওঁ এই ক্রিকেটাৰসকলৰ নাম লৈছে বুলি জানিব পৰা গৈছে৷ ভূপেন্দ্র সিঙে জেৰাৰ সময়ত চিআইডিক জনাইছে এই ক্রিকেটাৰসকলেও ধন বিনিয়োগ কৰিছিল৷ চিআইডিৰ বিষয়াই গুজৰাটৰ এখন সংবাদ–পত্রৰ আগত প্রকাশ কৰা মতে, শুভমন গীলে এই চিট–ফাণ্ডত ১.৯৫ কোটি টকা বিনিয়োগ কৰিছিল৷ তাৰোপৰি অন্যান্য ক্রিকেটাৰসকলে লাখ লাখ টকা বিনিয়োগ কৰিছিল৷ সেয়ে চিআইডিয়ে তেওঁলোকক বিষয়টোৰ সন্দর্ভত সোধ–পোছা কৰিবলৈ তেওঁলোকৰ সুবিধা হোৱাকৈ মাতিব বুলি জনাইছে৷

You might also like