এদিনীয়া ৰেংকিঙৰ শীৰ্ষত গিল, তৃতীয়লৈ উন্নীত ৰোহিত
নিউজ ডেস্ক, ১৩ মাৰ্চঃ আইচিচি এদিনীয়া ৰেংকিঙৰ বেটিং শাখাৰ শীর্ষ পাঁচত স্থান লাভ কৰিলে টীম ইণ্ডিয়াৰ তিনিগৰাকী খেলুৱৈয়ে৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে প্রকাশ কৰা এদিনীয়া ৰেংকিঙৰ বেটিং শাখাত তাৰকা অপেনাৰ শুভমন গিলে শীর্ষস্থানটো নিজৰ দখলতে ৰাখিবলৈ সক্ষম হৈছে৷ সদ্য সমাপ্ত চেম্পিয়নছ ট্রফীত দাঙি ধৰা উন্নত প্রদর্শনৰ সুবাদতে গিলে শীর্ষ স্থানটো নিজৰ দখলতে ৰাখিবলৈ সক্ষম হয়৷ ইফালে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই তৃতীয় স্থানলৈ উন্নীত হৈছে৷ চেম্পিয়নছ ট্রফীৰ ফাইনেলত ৭৬ ৰানৰ দুর্দান্ত ইনিংছ খেলি শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা ৰোহিত শর্মাই দুটা স্থান আগুৱাই তৃতীয় স্থানটো দখল কৰে৷ পাকিস্তানৰ বাবৰ আজমে দ্বিতীয় স্থানটো নিজৰ দখলতে ৰখাৰ বিপৰীতে দক্ষিণ আফ্রিকাৰ হেনৰিচ ক্লাছেনে এটা স্থান পিছুৱাই চতুর্থ স্থানলৈ অৱনমিত হয়৷ আনহাতে চেম্পিয়নছ ট্রফীৰ ফাইনেলত ব্যর্থ হোৱাৰ বাবে এটা স্থানৰ অৱনমন ঘটিছে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ৷ পঞ্চম স্থানলৈ অৱনমিত হয় কোহলি৷ শ্রেয়াছ আয়াৰে অষ্টম স্থানটো অক্ষুণ্ণ ৰাখিছে৷ আনহাতে শ্রীলংকাৰ মহীশ থিকছানাই শীর্ষস্থান দখল কৰি থকা বলিং শাখাত তিনিটাকৈ স্থানৰ উন্নতি ঘটিছে টীম ইণ্ডিয়াৰ তাৰকা স্পিনাৰ কুলদীপ যাদৱ আৰু ৰবীন্দ্র জাদেজাৰ৷ কুলদীপে তৃতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে জাদেজাই দশম স্থানলৈ উন্নীত হয়৷ ইফালে ছটা স্থান আগুৱাই নিউজিলেণ্ডৰ মিচেল ছাণ্টনাৰে দ্বিতীয় স্থানটো দখল কৰিছে৷ অলৰাউণ্ডাৰ শাখাৰ শীর্ষ দহত থকা একমাত্র ভাৰতীয় খেলুৱৈগৰাকী হ’ল ৰবীন্দ্র জাদেজা৷ এটা স্থান পিছুৱাই জাদেজাই দশম স্থানলৈ অৱনমিত হয়৷ আফগানিস্তানৰ আজমহতুল্লাহ ওমৰজাই আৰু মহম্মদ নবীয়ে ক্রমে প্রথম আৰু দ্বিতীয় স্থানত থকাৰ বিপৰীতে জিম্বাব’ৱেৰ ছিকন্দৰ ৰাজাই তৃতীয় স্থানটো নিজৰ দখলতে ৰাখিছে৷