হার্দিকৰ সলনি সূর্যকুমাৰক প্রদান কৰক মুম্বাইৰ অধিনায়কত্ব, আইপিএলৰ পূর্বে শ্রীকান্তৰ বিস্ফোৰণ
ডিজিটেল ডেস্ক, ২৪ মার্চ : মুম্বাই ইণ্ডিয়ানছে ২৯ মার্চত কেকেআৰৰ বিৰুদ্ধে খেলি আসন্ন আইপিএলত অভিযান আৰম্ভ কৰিব৷ প্রতিযোগিতাখনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক সলনি কৰাৰ দাবী উত্থাপন কৰিছে প্রাক্তন ক্রিকেটাৰ কৃষ্ণমাচাৰী শ্রীকান্তে৷
শ্রীকান্তে তেওঁৰ ইউটিউব চেনেলত কয় যে শেহতীয়া সফলতাৰ ভিত্তিত সূর্যকুমাৰ যাদৱ ‘স্বয়ংক্রিয় পছন্দ’৷ কেইদিনমান পূর্বে সূর্যকুমাৰে অধিনায়ক হিচাপে ভাৰতক টি–২০ বিশ্বকাপৰ সোৱাদ দিয়ে৷ দুবছৰ পূর্বে ৰোহিত শর্মায়ো একেই কাম কৰিছিল৷ ব্যক্তিগতভাৱে মই হার্দিকক ভাল পাওঁ৷ তেওঁ মহান ক্রিকেটাৰ৷ ভাল অধিনায়কো৷ গুজৰাট টাইটানছৰ হৈ ট্রফীও জিকিছিল৷ কিন্তু সেয়া তেওঁলোকৰ আভ্যন্তৰীণ কথাহে যেন লাগে৷ কিন্তু বাহিৰৰ পৰা চালে সূর্যকুমাৰ যাদৱ অধিনায়কৰ ক্ষেত্রত শীর্ষত আছে৷
শ্রীকান্তৰ মতে, যেনেকৈ হার্দিকে ৰোহিতৰ অধিনায়কত্বত খেলিছিল, ঠিক তেনেদৰে তেওঁ সূর্যকুমাৰৰ নেতৃত্বতো খেলিছিল৷ দুয়োজনেই বিশ্বকাপ জয় কৰিছিল৷ আটাহতকৈ ভাল কথাটো হ’ল যদি হার্দিকে নিজে আগবাঢ়ি আহি কয় যে মই পদত্যাগ কৰিছোঁ, সূর্যকুমাৰে নেতৃত্ব দিব৷ আইপিএলৰ সফল দুই ফ্রেঞ্চাইজীৰ ভিতৰত অন্যতম হৈছে মুম্বাই৷