ভাৰতে নেখেলিলে টেষ্ট ক্রিকেট নিঃশেষ হ’ব
নিয়মীয়া বাৰ্তা, ১৪ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে টেষ্ট ক্রিকেট বেয়াকৈ ক্ষতিগ্রস্ত হৈছে ৷ এই মন্তব্য কৰিছে অষ্ট্রেলিয়া ক্রিকেট দলৰ মহান খেলুৱৈ তথা টীম ইণ্ডিয়াৰ প্রাক্তন প্রশিক্ষক গ্রেগ চেপেলে ৷ টেষ্ট ক্রিকেটত ক’ৰোনা ভাইৰাছৰ প্রভাৱ বাৰুকৈয়ে পৰা বুলি উল্লেখ কৰি অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে কয় যে ক’ৰোনাৰ বাবে সম্প্রতি স্তব্ধ হৈ পৰিছে ক্রিকেট খেল৷ প্রথমবাৰৰ বাবে আয়োজিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপখনত ক’ৰোনাৰ প্রভাৱ পৰাত আধাতে স্থগিত ৰাখিবলগীয়া হৈছে বুলি উল্লেখ কৰি গ্রেগ চেপেলে কয় যে ভাৰতীয় দলৰ ওপৰত টেষ্ট ক্রিকেটৰ ভৱিষ্যৎ বহুখিনি নির্ভৰ কৰিব৷ যিদিনা ভাৰতীয় দলটোৱে টেষ্ট খেলা বাদ দিব, তেতিয়াই টেষ্ট ক্রিকেট নিঃশেষ হোৱাৰ উপক্রম হ’ব৷ ভাৰত, অষ্ট্রেলিয়া, ইংলেণ্ডৰ বাহিৰে আন দেশসমূহে যুৱ খেলুৱৈসকলক টেষ্ট খেলাৰ বাবে অনুুপ্রাণিত নকৰে বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ প্রাক্তন প্রশিক্ষকগৰাকীয়ে কয় যে তেওঁ টি–২০ ক্রিকেটবিৰোধী নহয়৷ এইবিধ খেল সহজেই বর্তাই ৰাখিব পৰা যাব৷ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে টেষ্ট ক্রিকেটক গুৰুত্বপূর্ণ হিচাপে অভিহিত কৰিছে আৰু কোহলিৰ মন্তব্য মতে টেষ্ট ক্রিকেট জীৱিত হৈ থাকিব৷ টেষ্ট ক্রিকেটৰ জৰিয়তে বেটছমেন আৰু বলাৰসকলক বাছি উলিয়াব পাৰি বুলি উল্লেখ কৰে অষ্ট্রেলিয়াৰ প্রাক্তন মহান খেলুৱৈগৰাকীয়ে৷ দুবছৰ ধৰি ভাৰতীয় দলটোৰ প্রশিক্ষকৰ দায়িত্ব পালন কৰা গ্রেগ চেপেলে ভাৰতৰ কিংবদন্তি খেলুৱৈ শচীন তেণ্ডুলকাৰৰ লগতে সৌৰভ গাংগুলী আৰু ৰাহুল দ্রাবিড়ক প্রশংসা কৰে৷ ইফালে, টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ, বেটছমেন মহেন্দ্র সিং ধোনীক প্রশংসাৰে উপচায় অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে৷ মহেন্দ্র সিং ধোনীক আটাইতকৈ শক্তিশালী বেটছমেনৰূপে অভিহিত কৰি প্লেৰাইট ফাউণ্ডেচনৰ ফেচবুকৰ সৈতে হোৱা মত বিনিময়ত গ্রেগ চেপেলে কয় যে মহেন্দ্র সিং ধোনী শক্তিশালী বেটছমেনেই নহয়, এগৰাকী শ্রেষ্ঠ ফিনিচাৰো৷ যিকোনো বলতে তীব্র জোৰে প্রহাৰ কৰাৰ সক্ষমতা আছে ধোনীৰ৷ মই এতিয়ালৈকে দেখা খেলুৱৈসকলৰ ভিতৰত টীম ইণ্ডিয়াৰ উইকেটকীপাৰ, বেটছমেনগৰাকীয়েই হ’ল সকলোতকৈ শক্তিশালী বেটছমেন৷ শ্রীলংকাৰ বিৰুদ্ধে কৰা ১৮৩ ৰানৰ বিস্ফোৰক ইনিংছটোৰ প্রশংসা কৰি গ্রেগ চেপেলে লগতে কয় যে নিঃসন্দেহে ধোনী হ’ল বিশ্বৰ এগৰাকী শ্রেষ্ঠ ফিনিচাৰ৷