আজি WPLৰ শুভাৰম্ভণি মেচত গুজৰাট বনাম বাংগালুৰু
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ আজিৰ পৰা আৰম্ভ হ’ব মহিলা প্ৰিমিয়াৰ লীগ ২০২৫। এইবাৰ অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ তৃতীয় ছিজন। আন দুটা ছিজনৰ দৰেই এইবাৰো মুঠ ৫টা দলে ইজনে সিজনৰ বিৰুদ্ধে খেলপথাৰত অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখনত পূৰ্বৰ দৰেই মুঠ ২২খন খেল অনুষ্ঠিত হ’ব, য’ত ২০খন লীগ মেচ, ১খন এলিমিনেটৰ আৰু ১খন ফাইনেল খেল অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু গুজৰাট জায়েন্টছৰ মাজত অনুষ্ঠিত হ’ব। বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আৰ চি বি আৰু গুজৰাটৰ মাজত খেলখন। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা খেলখন আৰম্ভ হ’ব। উল্লেখ্য যে কোটাম্বি ষ্টেডিয়ামত এতিয়ালৈকে কোনো মহিলাৰ টি-২০ মেচ অনুষ্ঠিত হোৱা নাই। ইয়াত মাত্ৰ তিনিখন মহিলাৰ এদিনীয়া খেল অনুষ্ঠিত হৈছে, য’ত প্ৰথম ইনিংছৰ গড় স্ক’ৰ হৈছে ২৭৮ ৰান। খেলপথাৰত সৰ্বাধিক এদিনীয়া স্ক’ৰ ৩৫৮/৫ ৰান। গুজৰাট জায়েন্টছ আৰু আৰচিবিৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন ভাৰতৰ টিভিত স্প’ৰ্টছ নেটৱৰ্ক ১৮ৰ জৰিয়তে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰি জিঅ’ চিনেমাত মেচসমূহৰ লাইভ ষ্ট্ৰীমিং কৰা হ’ব। এই পৰ্যন্ত গুজৰাট জায়েন্টছ আৰু আৰ চি বিৰ মাজত মুঠ ৪ খন মেচ অনুষ্ঠিত হৈছে। এই মেচসমূহত দুয়োটা দলে ২-২ত জয়লাভ কৰিছে। আজিৰ গুজৰাট জায়েন্টছৰ দলটো হল- ভাৰতী ফুলমালি, ল’ৰা উলভাৰ্ড, ফ’বি লিচফিল্ড, প্ৰিয়া মিশ্ৰ, এছলী গাৰ্ডনাৰ, দয়ালন হেমালাথা, হাৰ্লিন দেউল, সয়ালি সাতঘৰে, তনুজা কানৱেৰ, বেথ মুনী, শ্ববনাম শ্বাকিল, মন্নত কাশ্যপ, মেঘনা সিং, কাশৱী গৌতম, ডিএন্দ্ৰ ডটিন, ছিমৰন শ্বেখ, ডেনিয়েল গিবছন, প্ৰকাশকাই নাইক। আনহাতে আৰ চি বি দলটো ডেনি ৱায়াট-হজ, ছাববিনেনী মেঘানা, স্মৃতি মান্ধনা, আশা শ্বোবানা, এলিছ পেৰী, জৰ্জিয়া ৱাৰেহাম, কণিকা আহুজা, শ্ৰেয়াংকা পাটিল, ছফী ডেভিন, ৰিচা ঘোষ, ৰেনুকা সিং, একতা বিষ্ট, কেট ক্ৰছ, চাৰ্লি ডিন, প্ৰমিলা ৰাৱাট, ভি জে যোশিতা, ৰাঘৱী বিষ্ট, জাগ্ৰৱী পাৱাৰ।