নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰ্দিকৰ ভুলত আইপিএল ২০২৩ৰ ফাইনেলত পৰাস্ত গুজৰাট !

🏏 প্ৰবীণ ক্ৰিকেটাৰৰ সমালোচনাৰ সন্মুখীন হাৰ্দিক

বিশেষ বাৰ্তা, ১ জুনঃ আই পি এল ২০২৩ৰ ফাইনেলত চেন্নাইৰ জয়ত সুখী যদিও গুজৰাট টাইটানছ পৰাজিত হোৱাৰ মূল কাৰণ হিচাপে অধিনায়ক হাৰ্দিকলৈ আঙুলি টোঁৱাইছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে ! উল্লেখ্য যে গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত ২০২৩ৰ আই পি এলৰ চূড়ান্ত খেলখনত ডাকৱৰ্থ লুইছ পদ্ধতিৰ পিছত চেন্নায়ে  জয়লাভ কৰে। এই জয়েৰে চেন্নায়ে পঞ্চমটো আই পি এল খিতাপ দখল কৰে। চেন্নাইৰ এই জয়ৰ নায়ক আছিল বাওঁহতীয়া বেটছমেন ৰবীন্দ্ৰ জাদেজা। এতিয়া ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে হাৰ্দিক পাণ্ডিয়াক পৰাজয়ৰ বাবে সমালোচনা কৰিছে। গাভাস্কাৰে কয় যে অন্তিম অভাৰত বলাৰ মোহিত শৰ্মাৰ সৈতে কথা পতাটো গুজৰাটৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বাবে অপ্ৰয়োজনীয় আছিল। ফাষ্ট বলাৰ মোহিত শৰ্মাই ইনিংছৰ শেষ অভাৰটো গুজৰাটৰ ফালে নিছিল। চেন্নাইক জয়ী হ’বলৈ শেষ অভাৰত ১৩ ৰানৰ প্ৰয়োজন হৈছিল আৰু মোহিত শৰ্মাই প্ৰথম ৪টা বলত মাত্ৰ ৩ ৰানহে ব্যয় কৰিছিল। ইয়াৰ পিছত চি এছ কেৰ বেটছমেন ৰবীন্দ্ৰ জাডেজাই শেষৰ দুটা বলত ১ ছয় আৰু ১ চাৰি কোবাই নিজৰ দলটোক জয়ী কৰায়। অপ্ৰয়োজনীয়ভাৱে  অভাৰৰ মাজতে মোহিত শৰ্মাৰ লগত কথা পাতিবলৈ আহিছিল হাৰ্দিক। গাভাস্কাৰে কয়- তেওঁ ৩-৪ বলত ভাল আৰম্ভণি কৰিছিল। কিন্তু তাৰ পিছত কিবা কাৰণত অভাৰৰ মাজতে তেওঁৰ ওচৰলৈ পানী পঠিওৱা হ’ল। ইয়াৰ পিছত হাৰ্দিকে আহি মোহিতৰ লগত কথা পাতে। গাভাস্কাৰে কয় যে যেতিয়া বলাৰ ছন্দত থাকে, তেতিয়া তেওঁক আমনি কৰিব নালাগে।

You might also like